Illegal weapons seized in Nagaon : অবৈধ মাৰণাস্ত্ৰসহ নগাঁও আৰক্ষীৰ জালত দুই কুখ্যাত অপৰাধী

author img

By

Published : Jun 4, 2023, 10:06 AM IST

Illegal weapons seized in Nagaon
নগাঁও আৰক্ষীৰ আন এক সফলতা ()

নগাঁও আৰক্ষীৰ আন এক সফলতা । অবৈধ মাৰণাস্ত্ৰসহ নগাঁও আৰক্ষীৰ জালত দুই কুখ্যাত অপৰাধী । ডকাইতিৰ উদ্দেশ্যে খাপ পিটি থকা অৱস্থাত আটক অপৰাধী দুটাক । অপৰাধীৰ বিৰুদ্ধে তীব্রতৰ নগাঁও আৰক্ষীৰ অভিযান (Illegal weapons seized in Nagaon)। ড্ৰাগছৰ বিৰুদ্ধেও অব্যাহত নগাঁও আৰক্ষীৰ অভিযান ।

অবৈধ মাৰণাস্ত্ৰসহ নগাঁও আৰক্ষীৰ জালত দুই কুখ্যাত অপৰাধী

নগাঁও, 4 জুন : লীনা দলেৰ কাৰ্যকালত অপৰাধীৰ ঘাটিত পৰিণত হোৱা নগাঁৱৰ অপৰাধ নিৰ্মূলৰ বাবে নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিচৰে পৰা অভিযান আৰম্ভ কৰিছে নৱনীত মহন্তই (Crime in Nagaon) । অপৰাধীৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তোলা নগাঁও আৰক্ষীয়ে লাভ কৰিছে সফলতা । এইবাৰ মাৰণাস্ত্ৰসহ দুই কুখ্যাত অপৰাধীক জালত পেলাবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী (Illegal weapons seized in Nagaon)।

শনিবাৰে সন্ধিয়া এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত জিলাখনৰ ৰূপহীহাটৰ পৰা দুই কুখ্যাত অপৰাধীক আটক কৰিবলৈ সক্ষম হয় । ৰূপহীহাট অঞ্চলৰ এটা বন্ধন বেংকৰ সমীপত ডকাইতিৰ উদ্দেশ্যে খাপ পিটি থকা অৱস্থাতে নগাঁও আৰক্ষীৰ এটা দলে ৰূপহীহাট আৰক্ষীৰ সহযোগত আটক কৰিবলৈ সক্ষম হয় ৰূপহীহাট অঞ্চলৰ লগতে নগাঁও জিলাখনতে ত্ৰাসৰ সৃষ্টি কৰা দুই কুখ্যাত অপৰাধী ফাৰুক আব্দুল্লা আৰু চুলতান আহমেদ ।

ধৃত ফাৰুক আব্দুল্লাৰ ঘৰ নগাঁৱৰ ৰূপহীহাটৰ উত্তৰ খাটোৱাল আৰু চুলতান আহমেদৰ ঘৰ ৰূপহীহাটৰ দক্ষিণ খাটোৱালত । ধৃত দুই অপৰাধী ফাৰুক আব্দুল্লা আৰু চুলতান আহমেদৰ পৰা আৰক্ষীৰ দলটোৱে এটা 7.62 এম এম পিষ্টলৰ লগতে দুই জাই সক্ৰিয় গুলীও জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো ।

Illegal weapons seized in Nagaon
নগাঁও আৰক্ষীৰ আন এক সফলতা

ধৃত ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে পূৰ্বেও বহুকেইটা ডকাইতিৰ দৰে অপৰাধীৰ গোচৰ ৰুজু হৈছিল । কেইবাবাৰো জেল হাজোতৰ ভাত খোৱা ফাৰুক আব্দুল্লা পুনৰ জালত পৰে নগাঁও আৰক্ষীৰ । আৰক্ষীৰ জালত পৰা চুলতান আহমেদে ড্ৰাগছকে ধৰি অন্যান্য অপৰাধৰ সৈতেও জড়িত থকা বুলিও আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।

ইপিনে শনিবাৰে নিশা নগাঁৱৰ বটদ্ৰৱাৰ ধনীয়ভেটি অঞ্চলতো আৰক্ষীৰ আন এটা দলে অভিযান চলাই চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় । ধনীয়ভেটি অঞ্চলত চলোৱা অভিযানত চাৰি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে ৰফিকুল ইছলাম, ছাদ্দাম হুছেইন, ছিদ্দিকুৰ ৰহমান, আকবৰ আলীক কৰায়ত্ত কৰে আৰক্ষীৰ দলটোৱে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী চাৰিটাৰ পৰা ৭৯ গ্ৰাম হেৰ'ইন, বহুকেইটা কণ্টেইনাৰৰ লগতে এখন চাৰিচকীয়া বাহনো জব্দ কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে, নগাঁৱত মাত্ৰ কেইদিন পূৰ্বে যোগদান কৰা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীপ লাল বৰুৱা, অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াক মূল সহযোগী হিচাপে লৈ নগাঁৱক অপৰাধ মুক্ত কৰাৰ লক্ষ্য লৈছে আৰক্ষী অধীক্ষক নৱনীত মহন্তই ।

লগতে পঢ়ক : Teer Agent Arrested : কলিয়াবৰত তীৰ খেলৰ এজেণ্ট গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.