ETV Bharat / state

নগাঁৱৰ কামপুৰ বুঢ়াপতীয়াত চোৰৰ চাফাই অভিযান

author img

By

Published : Aug 23, 2019, 3:51 PM IST

ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি বৃহস্পতিবাৰে নিশা চোৰে চলাই চাফাই অভিযান ৷ খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত নোহোৱাৰ অভিযোগ পৰিয়ালৰ ৷

নগাঁৱৰ কামপুৰ বুঢ়াপতীয়াত চোৰৰ চাফাই অভিযান

নগাঁও,23 আগষ্ট: নগাঁৱৰ কামপুৰত পুনৰ সংঘটিত চুৰিকাণ্ডৰ ঘটনা ৷ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কামপুৰৰ বুঢ়াপতীয়া গাঁৱৰ বিনন্দ শৰ্মাৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি বৃহস্পতিবাৰে নিশা চোৰে চলাই চাফাই অভিযান ৷ খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত নোহোৱাৰ অভিযোগ পৰিয়ালৰ ৷ বহু মূল্যবান সামগ্ৰী চুৰি কৰি নিয়াৰ সন্দেহ বিনন্দ শৰ্মা পৰিয়ালৰ ৷ ইপিনে কামপুৰ বজাৰৰ মাজমজিয়াৰ পৰা চাইকেল চুৰি কৰি পলাব খোজোতেই ৰাইজে হাতে লোটে ধৰে এটা চোৰক ৷ স্থানীয় ৰাইজে লপাথপা দি আৰক্ষীক গতাই দিয়ে চোৰটোক ৷ ধৃত চোৰটো কচুৱাৰ গুলজাৰ হুছেইন বুলি জানিব পৰা গৈছে ৷ সঘনাই কামপুৰ নগৰ এলেকাত চুৰি কাণ্ড সংঘটিত হৈ আহিছে যদিও কামপুৰ আৰক্ষীয়ে নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

নগাঁৱৰ কামপুৰ বুঢ়াপতীয়াত চোৰৰ চাফাই অভিযান
Intro:নগাঁৱৰ কামপুৰ বুঢ়াপতীয়া গাঁৱৰ বিনন্দ শৰ্মাৰ ঘৰত চোৰৰ চাফাই অভিযান ।

Anchor = কামপুৰৰ নগৰত পুনৰ চুৰি কাণ্ড ঘটনা । কামপুৰ আৰক্ষী থানা অন্তৰ্গত কামপুৰৰ বুঢ়াপতীয়া গাঁৱৰ বিনন্দ শৰ্মাৰ ঘৰত এই চুৰি কাণ্ড । ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহন কৰি নিশা চোৰে চলাই চাফাই অভিযান । খৱৰ দিয়াৰ পিছতো ঘটনাস্থলীত উপস্থিত হোৱা নাই কামপুৰ আৰক্ষী । বহুমূল্যবান সামগ্ৰী চুৰি কৰাৰ সন্দেহ বিনন্দ শৰ্মা পৰিয়ালৰ। ইপিনে কামপুৰ বজাৰৰ মাজমজিয়াৰ পৰা চাইকেল চুৰি কৰি পলাব খুজুতেই ৰাইজে হাতেলুটে ধৰে এটা চোৰক ৷ ৰাইজে লপাথপা দি আৰক্ষীক গতাই দিয়ে চুৰটো ৷ ধৃত চোৰটো কচুৱাৰ গুলজাৰ হুছেইন বুলি জানিব পৰা গৈছে ৷ সঘনাই কামপুৰ নগৰ এলেকাত চুৰি কাণ্ড সংঘটিত হৈ আহিছে যদিও কামপুৰ আৰক্ষীয়ে নিস্কৃয় ভূমিকা লোৱাৰ অভিযোগ উঠিছে ।

BYTE = গৃহস্থBody:বঢ়মপুৰৰ পৰা মাধৱ চন ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.