ETV Bharat / state

নগাঁৱত ৪ খনকৈ দোকানত চোৰৰ লুটপাত

author img

By

Published : May 1, 2021, 4:12 PM IST

নগাঁৱৰ হয়বৰগাঁৱত চোৰৰ চাফাই অভিযান । শুকুৰবাৰে নিশা নগাঁৱৰ এডিপি কলেজৰ সন্মুখত থকা চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত লুটপাত চলায় গভাইত চোৰে ।

theft case took place at a shop in nagaon
নগাঁৱৰ হয়বৰগাঁৱত চোৰৰ চাফাই অভিযান

নগাঁও,১ মে': সান্ধ্য আইনকো খাতিৰ নকৰে গভাইত চোৰে । হাজাৰ বাধা থাকিলেও চোৰে নেৰে চুৰিবিদ্যা । নগাঁৱত শুকুৰবাৰে নিশা সংঘটিত চুৰিকাণ্ডই প্ৰমাণিত কৰিলে এই কথা । নগাঁৱৰ হয়বৰগাঁৱস্থিত এডিপি কলেজৰ সন্মুখত থকা চাৰিখনকৈ দোকানত চোৰে চাফাই অভিযান চলায় ।

বৰুণ দাস নামৰ এজন ব্যৱসায়ীৰ কাপোৰৰ দোকানৰ পৰা চোৰে লুটি নিলে প্ৰায় ৩০-৩৫ হাজাৰ টকাৰ শাৰী, ব্লাউজ আদি কাপোৰ । অঞ্চলটোত নিশা আৰক্ষীৰ পেট্ৰ’লিঙৰ ব্যৱস্থা নথকাৰ বাবেই এই চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

কৰ'ণা মহামাৰীৰ বাবে চৰকাৰৰ ঘোষণা অনুসৰি ৰাজ্যত কাৰ্যকৰী হৈ আছে নৈশ সান্ধ্য আইন । কিন্তু এনে পৰিস্থিতিৰ মাজতো চোৰে নিতৌ চলাই আছে লুটপাত । উল্লেখ্য যে, নগাঁৱত দিনকদিনে বৃদ্ধি পাইছে চুৰিৰ ঘটনা ৷ ইয়াক লৈ চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ।

লগতে পঢ়ক: দৌলাশালত প্ৰয়াত ড৹ পৰেশ চন্দ্ৰ ডেকালৈ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.