ডিমা হাছাওৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা কৰা চালকে দিলে ঘটনাৰ বিৱৰণ

author img

By

Published : Aug 27, 2021, 8:09 PM IST

survivor-of-dimahasaon-attack-expressed-his-experience-of-the-attack

ডিমা হাছাওত উগ্ৰপন্থীৰ ভয়াৱহ আক্ৰমণত 5 গৰাকীকৈ ট্ৰাক চালক নিহত হৈছিল ৷ এই ভয়াৱহ আক্ৰমণৰ পৰা কথমপি পলায়ন কৰিব সমৰ্থ হোৱা এগৰাকী ট্ৰাক চালকে সাংবাদিকক বৰ্ণনা কৰিলে নিজৰ ভয়াৱহ অভিজ্ঞতা ৷

নগাঁও, 27 আগষ্ট : বৃহস্পতিবাৰে নিশা ডিমা হাছাও জিলাত সংঘটিত ভয়াৱহ আক্ৰমণৰ ঘটনাত আহত হৈ পলায়ন কৰিবলৈ সক্ষম হোৱা এগৰাকী ট্ৰাক চালক সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৷ নিশা সামগ্ৰী কঢ়িয়াই ট্ৰাক লৈ আহি থকা অৱস্থাত দুৰ্বৃত্তৰ এটা দলে ট্ৰাক চালকৰ ওপৰত চলাইছিল ভয়ংকৰ আক্ৰমণ । ইয়াৰে ফাৰুক আহমেদ নামৰ ট্ৰাকচালকজনক ভৰ্তি কৰা হৈছে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত । সম্প্ৰতি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ট্ৰাক চালকজনে কেমেৰাৰ সন্মুখত দিলে ঘটনাৰ বিৱৰণ ।

এদল দুৰ্বৃত্তই কিদৰে তেওঁ চলাই অহা ট্ৰাকখন আগুচি ধৰি গুলীবর্ষণ কৰিছিল সেই কথা সাংবাদিকৰ আগত ব্যক্ত কৰিলে ভুক্তভোগী ট্ৰাক চালক জনে । দুৰ্বৃত্তৰ গুলীচালনাৰ সময়ত জংঘলত পলায়ন কৰি কোনো মতে প্ৰাণৰক্ষা কৰাৰ কথা প্ৰকাশ কৰে ফাৰুক আহমেদে । অৱশ্যে, পলায়ন কৰাৰ সময়তে ভৰিত গুলী লাগে ট্ৰাকচালকনৰ । অৱশেষত কথমপি প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় ট্ৰাকচালকজন ।

ডিমা হাছাওৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা কৰা চালকে দিলে ঘটনাৰ বিৱৰণ

স্মৰ্তব্য যে, বৃহস্পতিবাৰে নিশা ডিমা হাছাওৰ দিয়ংমুখত 5 খনকৈ কয়লাভৰ্তি ট্ৰাকত অগ্নিসংযোগ কৰিছিল দুৰ্বৃত্তই ৷ এই ঘটনাৰ আৰত উগ্ৰপন্থী সংগঠন ডিএনএলএ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ বৃহস্পতিবাৰে নিশা প্ৰায় 9 বজাত হাফলংৰ পৰা 120 কিলোমিটাৰ দূৰত অৱস্থিত ৰেঞ্জাৰবিল অঞ্চলত সন্দেহযুক্ত ডিএনএলএৰ সদস্যই কয়লা কঢ়িয়াই নিয়া পাঁচখনকৈ ট্ৰাকত অগ্নিসংযোগ কৰিছিল ৷

সন্দেহযুক্ত উগ্ৰপন্থীৰ দলটোৱে ৰেঞ্জাৰবিল অঞ্চলত উপস্থিত হৈ গুলিবৰ্ষণো কৰে ৷ গুলিয়াগুলীৰ পিছতে ট্ৰাককেইখনত পেট্ৰ’ল ঢালি অগ্নিসংযোগ কৰে উগ্ৰপন্থীৰ দলটোৱে ৷ এই গুলিয়াগুলীত ইতিমধ্যে 5 গৰাকীকৈ ট্ৰাক চালক নিহত হোৱা বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ ট্ৰাককেইখনত অতি কমেও 10 গৰাকী লোক আছিল যাৰ বাবে আৰক্ষীয়ে মৃতকৰ সংখ্যা আৰু বৃদ্ধি হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ 2009 চনত আন এক ডিমাচা উগ্ৰপন্থী সংগঠন ডিএইচডি (জে)ৰ সংগঠন অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিছিল ৷

ডিএইচডি (জে)ৰ পিচতে এয়া ডিমাচা উগ্ৰপন্থী সংগঠনৰ দ্বাৰা সংঘটিত প্ৰথমটো বৃহৎ আক্ৰমণৰ ঘটনা । ইয়াৰ পূৰ্বে আজিৰ পৰা প্ৰায় 10/12 বছৰ আগতে এতিয়াৰ ডালমিয়া চিমেণ্ট আৰু তেতিয়াৰ বিনয় চিমেণ্ট ফেক্টৰিত ডিএইচডি (জে) উগ্ৰপন্থী সংগঠনে আক্ৰমণ চলাই চিমেণ্ট ফেক্টৰীৰ 7 গৰাকী নিৰাপত্তাৰক্ষী আৰু দুগৰাকী কৰ্মীক গুলিয়াই হত্যা কৰিছিল ৷

উল্লেখ্য যে, যোৱা কিছু দিনৰ পৰা হিমা হাছাওত পুনৰ সক্ৰিয় হৈ উঠিছে ডিমাচা নেশ্যনেল লিবাৰেচন আৰ্মী । স্বাধীনতা দিৱসৰ দিনটোতে ডিমা হাছাও জিলাৰ মাইবঙত গুলিয়াগুলী সংঘটিত কৰিছিল সংগঠনটোৱে ৷ এই ঘটনাটোৰ দ্বায়িত্ব স্বীকাৰো কৰিছে সংগঠনটোৱে ৷ তেওঁলোকে জনোৱা মতে, গাঁওখনৰ একাংশ লোকে নিৰাপত্তা বাহিনীক সংগঠনটোৰ গতিবিধিৰ তথ্য প্ৰদান কৰাৰ খবৰ লাভ কৰিছিল তেওঁলোকে, যাৰ ফলত গাঁওখনৰ মানুহৰ মাজত ভীতি প্ৰদৰ্শনৰ বাবেই উগ্ৰপন্থী সংগঠনটোৱে গুলী চালনাৰ ঘটনা সংঘটিত কৰিছিল ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত পুনৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.