Tense situation in Nagaon college : ছাত্ৰৰ মাৰপিটত কেইবাজনো আহত

author img

By

Published : Mar 14, 2023, 10:25 AM IST

Tense situation in Nagaon college

নগাঁও মহাবিদ্যালয়ৰ একাংশ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিট (Clashes between students in Nagaon)। গুৰুতৰভাৱে আহত কেইবাজনো ছাত্ৰ । আহত ছাত্ৰসকলক নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত ভৰ্তি । অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য ।

ছাত্ৰৰ মাৰপিটত কেইবাজনো আহত

নগাঁও, ১৪ মাৰ্চ : নগাঁও মহাবিদ্যালয়ত তীব্ৰ উত্তেজনা । একাংশ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিট (Nagaon college incident) । ঘটনাত আহত কেইবাজনো ছাত্ৰ । ঘটনাক লৈ সমগ্ৰ জিলাখনতে আৰম্ভ হৈছে প্ৰতিক্ৰিয়াৰ । সোমবাৰে বিয়লি নগাঁও মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰৰ দুই ফৈদৰ মাজত এই প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । নগাঁও মহাবিদ্যালয়ৰে একাংশ ছাত্ৰৰ মাজত সংঘটিত এই মাৰপিটৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ।

জানিব পৰা মতে প্ৰথমে নগাঁও মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰীৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ (Nagaon College students conflict)। মহাবিদ্যালয়খনৰেই এজন ছাত্ৰই দুই ছাত্ৰীৰ কাজিয়াৰ ভিডিঅ' মোবাইল ফোনত ৰেকৰ্ডিং কৰিছিল । সেই কাজিয়াৰ ভিডিঅ' মোবাইলত ৰেকৰ্ডিং কৰাৰ অজুহাতত ছাত্ৰজনক মহাবিদ্যালয়খনৰে একাংশ ছাত্ৰই বেয়াকৈ প্ৰহাৰ কৰে (Clashes between Nagaon college students)। ফলত মূৰত গুৰুতৰ আঘাত পায় ছাত্ৰজনে ।

আনহাতে আঘাতপ্ৰাপ্ত ছাত্ৰজনক সুৰক্ষা দিবলৈ যোৱা কেইজনমান ছাত্ৰকো প্ৰহাৰ কৰে আনটো ফৈদৰ ছাত্ৰসকলে । ফলত কেইবাজনো ছাত্ৰ গুৰুতৰভাৱে আহত হয় । অভিযোগ অনুসৰি হাতত পিন্ধা খাৰুৰে মূৰত প্ৰহাৰ কৰে ছাত্ৰৰ দলটোৱে (Nagaon college students injured after clashes)। মাৰপিটৰ ঘটনাত নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰও জড়িত আছিল । আঘাতপ্ৰাপ্ত ছাত্ৰ কেইজনক ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

আঘাতপ্ৰাপ্ত ছাত্ৰ কেইজন হৈছে মৃগাংক তামুলী, ৰছিদ ভূঞা, দিয়েন বৰুৱা, জগজিৎ সিং, ইশ্বাক ৰাছেল । ইয়াৰে মৃগাংক তামুলী, জগজিৎ সিং নগাঁৱৰ গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে (College students fight)। আনহাতে মাৰপিট সংঘটিত কৰা ছাত্ৰ কেইজনে সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে । সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । সম্প্ৰতি এই ঘটনাই নগাঁও জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ছাতৰ সমাজে এইধৰণৰ কাৰ্যত লিপ্ত হোৱাত বহু সচেতন লোকে উদ্বেগ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :HSLC question paper leak : প্রশ্নকাকত ফাদিল সন্দৰ্ভত ৩ জনক গ্রেপ্তাৰ কৰিলে চিআইডিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.