ETV Bharat / state

নগাঁৱত আবদ্ধ জি আই টিত অধ্যয়নৰত ধেমাজিৰ ছাত্ৰ

author img

By

Published : Apr 28, 2020, 3:13 PM IST

জি আই টিত অধ্যয়নৰত ধেমাজিৰ উইলিয়াম দেউৰী নামৰ ছাত্ৰজনে নিজ ঘৰলৈ উভতি যোৱাৰ বাবে ই পাছ বিচাৰি অনলাইনত কেইবাবাৰো আবেদন কৰিছিল যদিও কোনো সঁহাৰি নোপোৱাৰ অভিযোগ কৰিছে ছাত্ৰজনে

No Response for E pass by Administration
নগাঁৱত আবদ্ধ জি আই টি ত অধ্যয়নৰত ধেমাজিৰ ছাত্ৰ

নগাঁও, 28 এপ্ৰিলঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ লোকসকলক নিজ নিজ ঘৰলৈ উভতি যোৱাৰ সুবিধা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ কিন্তু আন্তঃজিলা যাতায়তৰ বাবে অনলাইন যোগে অনুমতি দিয়াৰ পিছতো নগাঁৱত আবদ্ধ হৈ আছে ধেমাজিৰ এজন ছাত্ৰ। জি আই টিত অধ্যয়নৰত ধেমাজিৰ উইলিয়াম দেউৰী নামৰ ছাত্ৰজনে নিজ ঘৰলৈ উভতি যোৱাৰ বাবে ই পাছ বিচাৰি অনলাইনত কেইবাবাৰো আবেদন কৰিছিল যদিও কোনো সঁহাৰি নোপোৱাৰ অভিযোগ কৰিছে ছাত্ৰজনে। ইয়াৰোপৰি আন্তঃজিলা যাতায়তৰ বাবে চৰকাৰে মুকলি কৰি দিয়া 104 নম্বৰত বাৰম্বাৰ ফোন কৰিও কোনোধৰণৰ সঁহাৰি নাপালে ছাত্ৰজনে ৷ যাৰ ফলত এতিয়া হতাশগ্ৰস্ত হৈ পৰিছে ছাত্ৰজন ৷ এইক্ষেত্ৰত এতিয়া ঘৰলৈ যাব বিচৰা লোকসকলৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰ তথা জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব ?

নগাঁৱত আবদ্ধ জি আই টি ত অধ্যয়নৰত ধেমাজিৰ ছাত্ৰ

লগতে পঢ়কঃসংকটত এছিয়াৰ বৃহত্তম কলৰ বজাৰখন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.