ETV Bharat / state

Statue of Miles Bronson: অসম সাহিত্য সভাই উন্মোচন কৰিলে সাংসদ পুঁজিৰে নিৰ্মীত মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্তি

author img

By

Published : Jul 20, 2022, 10:24 PM IST

Statue of Miles Bronson
অসম সাহিত্য সভাই উন্মোচন কৰিলে সাংসদ পুঁজিৰে নিৰ্মীত মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্তি

নগাঁৱত উন্মোচন হ'ল অসমীয়া ভাষাৰ ত্ৰাণকৰ্তা মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্তি (Statue of Miles Bronson in Nagaon)। প্ৰদ্যুৎ বৰদলৈৰ সাংসদ পুঁজিৰে সম্ভৱ হ'ল মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্তি । শিল্পী লক্ষ্যজ্যোতি বৰাৰ হাতৰ পৰশত জীৱন্ত ৰূপ পালে ড৹ মাইলছ ব্ৰনছনে (Statue by Lakhyajyoti Bora)। আমেৰিকান পণ্ডিত ব্ৰনছনৰ জন্মদিনতে নগাঁও চহৰৰ মাজমজিয়াত প্ৰতিমূৰ্তি উন্মোচন কৰে অসম সাহিত্য সভাই ।

নগাঁও, 20 জুলাই: নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ আন্তৰিক প্ৰচেষ্টা আৰু শিল্পী লক্ষ্যজ্যোতি বৰাৰ হাতৰ পৰশত নগাঁৱত জীৱন্ত ৰূপত থিয় হ'ল অসমীয়া ভাষাৰ ত্ৰাণকৰ্তা ড৹ মাইলছ ব্ৰনছন । ১৮১২ চনৰ ২০ জুলাইত নিউয়ৰ্কত জন্মগ্ৰহণ কৰা মাইলছ ব্ৰনছনৰ পৰৱৰ্তী ঠিকনা হৈ পৰিছিল নগাঁও (Miles Bronson in Nagaon) । নগাঁৱৰ খ্ৰীষ্টিয়ানপট্টিত থকা বৰ্তমানৰ ব্যাপিষ্ট মণ্ডলীৰ সমীপতে এটা জুপুৰি সাজি থাকিবলৈ লোৱা আমেৰিকান মিছনেৰী ড৹ মাইলছ ব্ৰনছনে আনন্দৰাম ঢেকিয়াল ফুকনৰ সহযোগত অসমীয়া ভাষা পুনৰুদ্ধাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰিছিল বিশেষ ভূমিকা (Miles Bronsons contribution to Assamese language)।

এইগৰাকী মাইলছ ব্ৰনছনৰ এটা পূৰ্ণাংগ মূৰ্তি স্থাপনৰ বাবে নগাঁওবাসীয়ে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল যদিও নগাঁৱৰ বহু প্ৰভাৱশালী মন্ত্ৰী তথা মুখ্যমন্ত্ৰী হোৱাৰ পিছতো সেয়া সম্ভৱ হোৱা নাছিল । অৱশেষত মাৰ্ঘেৰিটাৰ পৰা আহি নগাঁৱৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰদ্যুৎ বৰদলৈৰ আন্তৰিক প্ৰচেষ্টাত নিৰ্মাণ সম্পূৰ্ণ হ'ল ড৹ মাইলছ ব্ৰনছনৰ এটা পুৰ্ণাংগ মূৰ্তি (Statue of Miles Bronson in Nagaon)। সাংসদ পুঁজিৰ ধনেৰে মাইলছ ব্ৰনছনৰ দৰে এগৰাকী অসমীয়াপ্ৰেমী ইংৰাজৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি আত্মসন্তুষ্টি লাভ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

অসম সাহিত্য সভাই উন্মোচন কৰিলে সাংসদ পুঁজিৰে নিৰ্মীত মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্তি

অসম আৰু অসমীয়াক মনেপ্ৰাণে ভালপোৱা এইগৰাকী মাইলছ ব্ৰনছনৰ আজি জন্মদিন । নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আয়োজিত জন্মদিনৰ অনুষ্ঠানতে অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়াই(Sahitya Sabha president Kuladhar Saikia) শুভ উন্মোচন কৰে ড৹ মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্তি ।

এইগৰাকী নগঞা শিল্পী লক্ষ্যজ্যোতি বৰাৰ হাতৰ হাতৰ পৰশত ড৹ মাইলছ ব্ৰনছনৰ স্মৃতিবিজড়িত স্থানতে যেন পুনৰ জীৱন্তৰূপ পাইছে ড৹ মাইলছ ব্ৰনছনে । ৰ'দ-বৰষুণকো নেওচি অসমীয়া ভাষাৰ এগৰাকী ত্ৰাণকৰ্তা ড৹ মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি সুখী অনুভৱ কৰিছে শিল্পী লক্ষ্যজ্যোতি বৰাই ।

ইপিনে ড৹ মাইলছ ব্ৰনছনৰ জন্মদিন উপলক্ষে বুধবাৰে নগাঁৱৰ ব্যাপ্তিষ্ট মণ্ডলীৰ সন্মুখত আয়োজিত অনুষ্ঠানতে ছয়খনকৈ গ্ৰন্থও উন্মোচন কৰা হয় ।

লগতে পঢ়ক: বলীউডক অন্য এক মাত্ৰা দিয়া নাছিৰুদ্দিন শ্বাহৰ আজি ওপজা দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.