সাহিত্যিক জোৱলা বৰালৈ দেৱচন্স গ্ৰুপৰ বিশেষ সাহিত্য প্ৰতিভা বঁটা

author img

By

Published : Oct 18, 2021, 2:30 PM IST

Special Literary Talent Award to Juwala Bora
সাহিত্যিক জোৱলা বৰালৈ দেৱচন্স গ্ৰুপৰ বিশেষ সাহিত্য প্ৰতিভা বঁটা ()

দেৱচন্স বিশেষ সাহিত্য প্ৰতিভা বঁটাৰে সন্মানিত কৰা হ'ল সাহিত্যিক জোৱলা বৰাক । বিশেষভাৱে সক্ষম জোৱলা বৰা কেইবাখনো গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাললৈ অৱদান আগবঢ়াইছে । সেয়ে, তেওঁৰ কৰ্মৰাজিৰ প্ৰতি সন্মান জনাই আগবঢ়োৱা হৈছে দেৱচন্স গ্ৰুপৰ বিশেষ সাহিত্য প্ৰতিভা বঁটা ।

ৰহা, ১৮ অক্টোবৰ : শাৰীৰিক বাধাকো নেওচি একাগ্ৰতাৰে সাহিত্য কৰ্মত নিজকে নিয়োজিত কৰা নগাঁৱৰ জোৱলা বৰালৈ আগবঢ়োৱা হৈছে বিশেষ সাহিত্য প্ৰতিভা বঁটা । অসমৰ যুৱ সাহিত্যিকসকলৰ ভিতৰত অন্যতম জোৱলা বৰাক ২০২০-২০২১ বৰ্ষৰ দেৱচন্স গ্ৰুপৰ বিশেষ সাহিত্য বঁটা প্ৰদান কৰা হয় । দেওবাৰে সাহিত্যিকগৰাকীৰ কুজাবৰিস্থিত নিজা বাসগৃহত আয়োজিত এক অনুষ্ঠানত দেৱচন্সৰ গ্ৰুপৰ হৈ এই বঁটা প্ৰদান কৰে ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু পৰিয়াল বৰ্গই ।

সাহিত্যিক জোৱলা বৰালৈ দেৱচন্স গ্ৰুপৰ বিশেষ সাহিত্য প্ৰতিভা বঁটা

এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, অংগ বস্ত্ৰ আৰু এক লাখ টকাৰ চেক । বঁটা প্ৰদান অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ ছিপাঝাৰৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী । কোচ ৰজা বলিনাৰায়ণৰ পৰিনাতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ একান্ত প্ৰচেষ্টাত বিশেষ সক্ষম ব্যক্তিসকলৰ প্ৰতিভা বিকাশ কৰিবলৈ মানসিক আৰু আৰ্থিকভাৱে সহায় কৰাৰ বাবে প্ৰতি বছৰে বিশেষভাৱে সক্ষম ব্যক্তিক ২০১৫ চনৰ পৰা দেৱচন্স বঁটা প্ৰদান কৰা হৈছে । ইয়াৰ পূৰ্বে ৰশ্মিৰেখা ভূঞা, জেছমিন আৰা বেগম, শৰ্মীষ্ঠা প্ৰীতম, ধ্ৰুৱজ্যোতি দাসক এই বঁটা প্ৰদান কৰা হৈছিল ।

সৰুৰে পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ হুইল চেয়াৰতে জীৱনৰ সোণালী সপোন ৰচা জোৱলা বৰাই 'বেদনাৰ মিঠা মাদকতা', 'মৌনতাৰ কোলাহল', 'মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ' আদিকে ধৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে । সভাত বিশিষ্ট গৱেষক ড৹ নগেন্দ্ৰ নাথ শৰ্মা, ড৹ নৰেন কলিতা, বিশিষ্ট নাট্যকাৰ ঐশ্বৰ্য কাকতি, ড৹ পদুম ৰাজখোৱা উপস্থিত থাকে । সভাত "দেৱচন্স আৰু জোৱেলা বৰা" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে কৰুণাধাৰাৰ উপ-সভাপতি ড৹ নীলিমা গোস্বামীয়ে ।

লগতে পঢ়ক:কোৱাইকটা সত্ৰৰ বেদখলকৃত ভূমি সত্ৰক অৰ্পণ সংখ্যালঘু ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.