ETV Bharat / state

Leena doley reaction: বহু ভাল ভাল অভিজ্ঞতা লৈ নগাঁৱৰ পৰা বিদায় লৈছো; লীনা দলে

author img

By

Published : May 21, 2023, 9:55 PM IST

"বহু ভাল ভাল অভিজ্ঞতা নগাঁৱৰ পৰা গৈছো ৷" এই মন্তব্য কৰি অৱশেষত নগাঁওবাসীক ধন্যবাদ জনাই নগাঁও আৰক্ষী অধীক্ষকৰ দায়িত্ব এৰিলে আৰক্ষী অধীক্ষক লীনা দলেই (Leena doley reaction in Nagaon)।

Leena doley reaction on before hand over in Nagaon
বহু ভাল ভাল অভিজ্ঞতা লৈ নগাঁৱৰ পৰা বিদায় লৈছো

বহু ভাল ভাল অভিজ্ঞতা লৈ নগাঁৱৰ পৰা বিদায় লৈছো

নগাঁও, 21 মে’ : "বহু ভাল ভাল অভিজ্ঞতা নগাঁৱৰ পৰা গৈছো ৷ মই ইয়াত বহু নতুন নতুন কথাই শিকিলো ৷ এটা দল হিচাপে আমি আমাৰ কামসমূহ সুন্দৰকৈ সম্পাদনা কৰিছিলো ৷ মানুহৰ জীৱনত ভাল বেয়া ঘটনা থাকেই ৷ মই অহা দুই এদিনৰ ভিতৰত হাইলাকান্দিত যোগদান কৰিম ৷" নগাঁৱৰ দায়িত্ব এৰি এই মন্তব্য প্ৰকাশ কৰে লীনা দ’লেই (Leena doley reaction in Nagaon)।

বহু বিতৰ্কৰ অন্তত অৱশেষত নগাঁওবাসীক ধন্যবাদ জনাই নগাঁও আৰক্ষী অধীক্ষকৰ দায়িত্ব এৰিলে আৰক্ষী অধীক্ষক লীনা দলেই। শেহতীয়াকৈ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খাই পৰিছিল সদ্য বদলি হোৱা নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ। বিদায় বেলাত নগাঁৱত থকা সময়ৰ ভাল বেয়া অভিজ্ঞতাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিলে লীনা দলেই।

বিগত ১৫ মে’ৰ নিশা এক ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু হোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুক লৈ তদন্ত অব্যাহত আছে (Junmoni Rabha death case)৷ ইয়াৰ মাজতে শনিবাৰে ৰাজ্যৰ গৃহ বিভাগে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষক হিচাবে বদলি কৰাৰ লগতে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তক নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাবে বদলি কৰিছে। সেই নিৰ্দেশ অনুসৰিয়েই দেওবাৰে নগাঁও আৰক্ষী অধীক্ষকৰ দায়িত্ব এৰিলে লীনা দলেই (Junmoni Rabha death case update)।

ইফালে আজি CIDৰ এটা দলে নগাঁৱত অব্যাহত ৰখা এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত পৰ্যৱেক্ষণ কৰে অসম আৰক্ষীৰ অনুসন্ধান শাখাৰ মহা পৰিদৰ্শক দেৱৰাজ উপাধ্যায়ে। দেওবাৰে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ তদন্তকাৰী চি আই ডিৰ দলটোৰ সৈতে উপস্থিত হৈ তদন্তৰ বুজ লয় চি আই ডিৰ আই মহা পৰিদৰ্শক দেৱৰাজ উপাধ্যায়ে।

নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষী অধীক্ষক লীনা দলেৰ স্বীকাৰোক্তিও গ্ৰহণ কৰে IGPগৰাকীয়ে। লগতে জোনমণি ৰাভাৰ মৃত্যুৰ বিতৰ্কত নাম সাঙোৰ খোৱা নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাকো তলব কৰি পুনৰ জেৰা চলোৱা বুলিও জানিব পৰা গৈছে ।

আজি সন্ধিয়া চি আই ডিৰ দলটোৱে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ত্যাগ কৰে (CID investigation on Junmoni case)। চি আই ডিৰ দলটোৱে অব্যাহত ৰখা তদন্তৰ অগ্ৰগতি সম্পৰ্কে জানিবলৈ চেষ্টা কৰা হৈছিল যদিও সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য নকৰিলে চি আই ডিৰ দলটোৱে।

লগতে পঢ়ক: Junmoni Rabha mysterious death: লীনা দলে ব্যৰ্থ হ’ল! নৱনীত মহন্তই অপৰাধমুক্ত কৰিব পাৰিব নে কলঙৰ পাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.