Junmoni Rabha mysterious death: লীনা দলে ব্যৰ্থ হ’ল! নৱনীত মহন্তই অপৰাধমুক্ত কৰিব পাৰিব নে কলঙৰ পাৰ ?

author img

By

Published : May 21, 2023, 7:33 PM IST

Junmoni Rabha mysterious death

আৰক্ষীৰ জিম্মাত যুৱকৰ মৃত্যু, আৰক্ষী থানা জ্বলাই ভস্মীভূত কৰাৰ পৰা এগৰাকী উঠি অহা যুৱ আৰক্ষী বিষয়াৰ কৰুণ মৃত্যু পৰ্যন্ত হ'ল আৰক্ষী অধীক্ষক লীনা দলেৰ কাৰ্যকালত (SP Leena Doley)। শেহতীয়াকৈ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই নগাঁও আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে অপৰাধীৰ সৈতে সু সম্পৰ্ক কৰি ধন লেনদেন কৰাৰ দৰে অতি লাজ লগা অভিযোগ (SI Junmoni Rabha) । আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কতো সাঙোৰ খাই অৱশেষত নগাঁও এৰিব লগীয়া হ'ল লীনা দলেয়ে (Failure of SP Leena Doley)। লীনা দলেৰ কাৰ্যকালত কি হোৱা নাছিল নগাঁৱত । নগাঁও আৰক্ষীৰ এই দাগ পৰিষ্কাৰ দায়িত্ব এতিয়া আৰক্ষী বিষয়া নৱনীত মহন্তৰ ওপৰত । এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

নৱনীত মহন্তই অপৰাধমুক্ত কৰিব পাৰিব নে কলঙৰ পাৰ

নগাঁও, 21 মে’ : আৰক্ষী থানা জ্বলাই দিয়াৰ পৰা আৰক্ষী বিষয়াৰ মৃত্যুলৈ, ড্ৰাগছৰ বেহাৰ পৰা সঘনাই মৃতদেহ উদ্ধাৰ হোৱালৈ, নগাঁৱত কি হোৱা নাছিল এছ পি লীনা দলেৰ কাৰ্যকালত ? অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই নগাঁও আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হোৱা কেতবোৰ ভয়ংকৰ অভিযোগে সম্প্ৰতি তোলপাৰ লগাইছে অসম আৰক্ষীত (Junmoni Rabha mysterious death)। এগৰাকী আৰক্ষী বিষয়াৰ ৰহস্যজনক মৃত্যুৰ পিচতেই ব্যাপক চৰ্চা লাভ কৰিছে, অপৰাধীক দমন কৰাৰ বিপৰীতে অপৰাধীৰ সৈতে নগাঁও আৰক্ষীয়ে সু-সম্পৰ্ক বজাই ৰখাৰ অভিযোগে ।

মধ্য অসমৰ গুৰুত্বপূৰ্ণ জিলা হিচাপে বিবেচিত নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে দেৱৰাজ উপাধ্যায়, শংকৰব্ৰত ৰায়মেধি, আনন্দ মিশ্ৰৰ দৰে নিষ্ঠাবান বিষয়াৰ কাৰ্যকালত অপৰাধীয়ে এক প্ৰকাৰ পলাই পত্ৰং দিবলগীয়া হৈছিল ৷ এইসকল বিষয়াৰ নেতৃত্বত ড্ৰাগছকে ধৰি অন্যান্য অপৰাধ নিৰ্মূলৰ বাবে প্ৰচেষ্টা হাতত লৈ বহু সফলতাও লাভ কৰিছিল নগাঁও আৰক্ষীয়ে ।

কিন্তু এসময়ত জিলা এৰি পলায়ন কৰা বহু অপৰাধীয়েই শেহতীয়া প্ৰায় এক ডেৰ বছৰ ধৰি উভতি আহি যেন দপদপাবলৈ আৰম্ভ কৰিছে একেখন নগাঁৱতেই । আৰক্ষী অধীক্ষক হিচাপে লীনা দলেয়ে যোগদান কৰাৰ পিচৰ পৰাই কলঙৰ পাৰ একপ্ৰকাৰ অপৰাধীৰ ঘাটিলৈয়েই পৰিণত হৈছে । নগাঁও চহৰৰ অলিয়ে গলিয়ে সুলভ হৈ পৰিছে মাৰাত্মক ড্ৰাগছ ।

লীনা দলেৰ কাৰ্যকালতে যধে-মধে উদ্ধাৰ হৈছিল মৃতদেহো (Failure of SP Leena Doley)। কেইবাটাও হত্যাকাণ্ড সংঘটিত হোৱাৰ পিচতো কোনো শুংসূত্ৰই উলিয়াব পৰা নাই নগাঁও আৰক্ষীয়ে । আনকি নগাঁও চহৰৰ মাজমজিয়াতে ঘৰৰ ভিতৰতে মহিলাক হাত ভৰি বান্ধি হত্যা কৰা, ড্ৰাগছ সেৱনৰ পৰিণতিত যুৱকক হত্যা কৰাৰ দৰে ঘটনাও সংঘটিত হৈছিল লীনা দলেৰ কাৰ্যকালতেই । আনকি জিলাখনৰ সন্ধানহীন কিম্বা অপহৰণ হোৱা বহু কিশোৰী উদ্ধাৰতো চূড়ান্ত ব্যৰ্থতাৰ পৰিচয় দিছিল লীনা দলেয়ে ।

লগতে পঢ়ক : Reshuffle in Assam Police: আৰক্ষী অধীক্ষকৰ পাচত এইবাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক বদলি

নগাঁও চহৰতে দিন দুপৰতে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছিল সাধাৰণ নাগৰিক । নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখৰ মন্দিৰৰ পৰাও চোৰে লুটপাত চলাই উদঙাইছিল নগাঁও আৰক্ষীৰ ব্যৰ্থতা । আৰক্ষী থানাই থানাই দালালৰ ৰাজত্ব চলাৰো অভিযোগ উত্থাপন হৈ আহিছে । এইগৰাকী লীনা দলেৰ কাৰ্যকালতেই অসম আৰক্ষীক জোঁকাৰি যোৱা কেবাটাও ঘটনা সংঘটিত হৈছে নগাঁৱত ।

প্ৰথমে আৰক্ষীৰ জিম্মাতেই বটদ্ৰৱাৰ শালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন লোকৰ মৃত্যু আৰু মৃত্যুক কেন্দ্ৰ কৰি ভস্মীভূত হৈছিল আৰক্ষী থানা । বটদ্ৰৱা আৰক্ষী থানাত একাংশই আক্ৰমণ কৰাৰ উপৰিও জ্বলাই ভস্মীভূত কৰিছিল থানাখন । আৰক্ষী থানাকেই সুৰক্ষা দিব নোৱাৰা নগাঁও আৰক্ষীয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ অভিযুক্তৰ বাসগৃহত বুল্ড’জাৰ চলাই উচ্চতম ন্যায়ালয়ৰো ভৰ্ৎসনাৰ সন্মুখীন কৰাইছিল অসম আৰক্ষীক ।

পৰৱৰ্তী সময়ত আৰক্ষী থানা জ্বলাই দিয়া মূল অভিযুক্ত মহিলাগৰাকীক কৰায়ত্ত কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা নগাঁও আৰক্ষীৰ জিম্মাতেই পথ দুৰ্ঘটনাত মৃত্যু হৈছিল আশ্বিকুল ইছলাম নামৰ এটা অভিযুক্তৰ । কিন্তু ইমানৰ পিচতো চকী লৰা নাছিল আৰক্ষী অধীক্ষক লীনা দলেৰ ।
লগতে পঢ়ক : Junmoni Rabha mysterious death: সোমবাৰে নিশা কি হৈছিল জোনমণিৰ বাসগৃহত ?

বিগত কেবাবছৰ ধৰি গঁড় হত্যা শূণ্য হৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলা এলেকাত গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ দৰে ঘটনাও সংঘটিত হৈছিল এইগৰাকী লীনা দলেৰ কাৰ্যকালতেই । শেহতীয়াকৈ নকল সোণ, জালনোটৰ বিৰুদ্ধে লখিমপুৰ জিলাত অভিযান চলোৱা এছ আই জোনমণি ৰাভায়ো প্ৰাণ হেৰুৱালে এইগৰাকী লীনা দলেৰে কাৰ্যকালত ।

নগাঁৱৰ এছ আই জোনমণি ৰাভাই লখিমপুৰত চলোৱা অভিযানৰ প্ৰসংগও চর্চা লাভ কৰিছে জোনমণি ৰাভাৰ মৃত্যুৰ বিতৰ্কত । এতিয়া প্ৰশ্ন হয়, নগাঁও জিলাৰ এগৰাকী উপ পৰিদৰ্শকে আন এখন জিলাত চলোৱা অভিযানৰ বিষয়ে একেবাৰেই জ্ঞাত নাছিল নেকি আৰক্ষী অধীক্ষক লীনা দলে ?

যদি লীনা দলেৰ অজ্ঞাতেই জিলখনৰ এগৰাকী উপ-পৰিদৰ্শকে আন এখন জিলাত অভিযান চলাবলৈ সক্ষম হৈছিল, তেন্তে কিদৰে নগাঁও আৰক্ষীক নেতৃত্ব দিছিল লীনা দলেই ? তাকলৈয়ো এতিয়া প্ৰশ্ন উত্থাপন হৈছে একাংশৰ মাজত ৷

এতিয়া কালিমাৰ দাগে কলংকিত কৰা নগাঁও আৰক্ষীৰ দাগ পৰিষ্কাৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰক্ষী বিষয়া নৱনীত মহন্তক (New SP of Nagaon) । নৱনীত মহন্তই নগাঁও আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰি কিদৰে নেতৃত্ব দিয়ে নগাঁও আৰক্ষীক (Nabaneet Mahanta appointed as SP of Nagaon), সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় ।

লগতে পঢ়ক : New SP of Nagaon : নগাঁৱৰ নতুন SP হিচাবে নিযুক্ত হ’ল নৱনীত মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.