ETV Bharat / state

Cattle smuggling: মধ্য অসমত বিলাসী বাহনত গৰুৰ চোৰাং সৰবৰাহ

author img

By

Published : May 10, 2023, 2:14 PM IST

Cattle smuggling in Assam
নতুন কৌশলৰে গৰুৰ চোৰাং সৰবৰাহ

ৰাজ্য়ৰ বিভিন্ন ঠাইত নতুন কৌশলৰে গৰুৰ চোৰাং সৰবৰাহ অব্য়াহত (Cattle smuggling at Nagaon)। ৰাজ্য়ৰ আন ঠাইৰ লগতে নগাঁৱতো বৰ্তমানে অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ সৰবৰাহকাৰীয়ে সলনি কৰিছে গৰু সৰবৰাহৰ কৌশল । ট্ৰাক এৰি মধ্য অসমত এতিয়া বিলাসী বাহনত সৰবৰাহ কৰিছে গৰু ।

নতুন কৌশলৰে গৰুৰ চোৰাং সৰবৰাহ

নগাঁও, ১০ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত গৰুৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam)। চোৰাংকৈ সৰবৰাহ কৰা গৰুৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । নিতৌ নগাঁও জিলাৰ কলিয়াবৰ, ৰূপহী আদি অঞ্চলত জব্দ হৈছে চোৰাংকৈ সৰবৰাহ কৰা গৰু ভৰ্তি বাহন । আটক হৈছে চোৰাং সৰবৰাহত জড়িত সৰবৰাহকাৰী । গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে পোহৰলৈ আহিছে সৰবৰাহকাৰীৰ নতুন কৌশল (Smuggled cattle seized in Nagaon)।

সৰবৰাহকাৰীয়ে এইবাৰ ট্ৰাক অথবা সামগ্ৰী কঢ়িওৱা বাহন এৰি বিলাসী বাহেনেৰে গৰু সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে । আৰক্ষীৰ চকুত ধূলি দি গৰু সৰবৰাহকাৰীয়ে গৰু সৰবৰাহৰ উদ্দেশ্যে অৱলম্বন কৰিছে ন ন পদ্ধতি । গৰু সৰবৰাহকাৰী যদি ডালে ডালে আৰক্ষীও পাতে পাতে । মঙলবাৰে নিশা নগাঁৱৰ মাজেৰে সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে চোৰাং গৰুসহ জব্দ হয় AS06 Z6003 নম্বৰৰ এখন বিলাসী বাহন ।

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলোৱাৰ উদ্দেশ্যে বাহৰ পাতিছিল নগাঁৱৰ উৰীয়গাঁৱত । সেই সময়তে বিশেষ বিলাসী বাহনখন উৰীয়গাঁও অতিক্ৰমাৰ চেষ্টা কৰে যদিও আৰক্ষীৰ দলটোৱেই পিছে পাছে খেদি গৈ নগাঁৱৰ বৰঘাটত জব্দ কৰিবলৈ সক্ষম হয় বিলাসী বাহনখন । বিলাসী বাহনখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে চোৰাং ভাৱে সৰবৰাহ কৰা গৰু । এখন আই টুৱেণ্টি বাহনত গৰু সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বাহনখন ।

জিলাখনৰ চামগুৰিৰ বৰমাৰ পৰা যোৰাবাটলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে এই বাহনখন । বাহনখন জব্দ কৰাৰ লগে লগেই নিশাৰ আন্ধাৰৰ সুযোগ লৈ পলায়ণ কৰিবলৈ সক্ষম হয় বাহনখনৰ চালকজন । উল্লেখ্য় যে নগাঁৱৰ চামগুৰিৰ এটা গো-মাফিয়াৰ নেতৃত্বত বিলাসী বাহনত চোৰাংকৈ গৰু সৰবৰাহ হৈ আহিছে । ইপিনে,আৰক্ষীৰ চকুত ধূলি দি বিলাসী বাহনত গৰু সৰবৰাহৰ চেষ্টা চলোৱা চক্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক:Panch Swahid of Tinsukia: ডাঙৰী তালাপৰ পঞ্চ শ্বহীদ পৰিয়াললৈ অসম চৰকাৰৰ আৰ্থিক সাহাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.