Suicide at Nagaon: যৌতুক বিচাৰি কৰা মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি বোৱাৰীৰ আত্মহত্যা

author img

By

Published : Jul 29, 2022, 9:10 PM IST

sensational suicide in puranigudam nagaon

এতিয়াও সভ্য সমাজৰ পৰা আঁতৰি যোৱা নাই যৌতুক প্ৰথাৰ দৰে ঘৃণনীয় কাৰ্য । সময়ে সময়ে পোহৰলৈ আহিছে যৌতুকৰ দাবীত বোৱাৰী নিৰ্যাতনৰ ঘটনা(Suicidial case increases due to Dowry demands) । পুনৰ নগাঁৱৰ পুৰণিগুদাম চলচলিৰ এটি শিক্ষিত পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হৈছে যৌতুক দাবীৰ এক অভিযোগ(Allegations of harassment in search of dowry) । পৰিয়ালটোৱে যৌতুক বিচাৰি কৰা মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰিয়েই বোৱাৰীগৰাকীয়ে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে(Suicide for Dowry demands) ।

গুৱাহাটী,29 জুলাই: ৰাজ্য়ত এতিয়াও অন্ত পৰা নাই যৌতুকৰ নামত বোৱাৰী নিৰ্যাতনৰ ঘটনা(Suicidial case increases due to Dowry demands) । পুনৰ তেনে এক ঘটনা সংঘটিত হৈছে নগাঁৱৰ পুৰণিগুদামত । বোৱাৰীৰ আত্মহত্যাৰ ঘটনাক লৈ পুৰণিগুদামৰ চলচলিত চাঞ্চল্য । যৌতুক দাবী কৰি মানসিক চাপ দিয়াৰ পৰিণতিতেই এগৰাকী বোৱাৰীয়ে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে(Allegations of harassment in search of dowry) । 22 জুলাইত আত্মহত্যা কৰে পুৰণিগুদাম চলচলিৰ এগৰাকী বোৱাৰীয়ে ।

sensational suicide in puranigudam nagaon
অভিযুক্ত ত্ৰিদিপ শৰ্মা

পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত জানিব পৰা গৈছে যে যোৱা 2021 চনৰ 8 ডিচেম্বৰত মৰিগাঁৱৰ অতুল শৰ্মাৰ জেষ্ঠ কন্যা ইনা শৰ্মা নগাঁৱৰ চলচলি ব্ৰাহ্মণগাঁৱৰ ত্ৰিদিপ শৰ্মাৰ সৈতে আৱদ্ধ হৈছিল বিবাহপাশত । বিবাহৰ সময়ত সাধ্য অনুযায়ী স্ত্ৰীধনৰ প্ৰায় সমুহ সামগ্ৰী দি বিয়া দিছিল মৃত ইনা শৰ্মাৰ পৰিয়ালে ।

sensational suicide in puranigudam nagaon
অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ

কিন্তু প্ৰায় এমাহ পাছতেই অভিযুক্ত ত্ৰিদিপ শৰ্মাৰ পৰিয়ালে ইনা শৰ্মাৰ ওপৰত মানসিক অত্যাচাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে । ইয়াৰোপৰি ইনা শৰ্মাৰ ইচ্ছাৰ বিৰুদ্ধে নগাঁও টাউনত নাৰ্চ পঢ়িবলৈ দাবী কৰি হোষ্টেলত থাকিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন হৈছে ।

sensational suicide in puranigudam nagaon
অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ

এনেধৰণৰ মানসিক চাপ সহ্য কৰিব নোৱাৰিয়েই ইনা শৰ্মাই যোৱা 22 জুলাইত জীৱনৰ চৰম সিদ্ধান্ত বাচি লোৱাৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰী গৰাকীৰ পৰিয়ালে(Suicide for Dowry demands) । ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে অভিযুক্ত ত্ৰিদিপ শৰ্মা তথা অভিযুক্তৰ মাতৃ তৰুণি শৰ্মা আৰু অভিযুক্তৰ কণিষ্ঠ ভগ্নী ৰেখাশ্ৰী শৰ্মা বিৰুদ্ধে নগাঁও সদৰ থানাত দাখিল কৰিছে এখন এজাহাৰ ।

উক্ত এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ত্ৰিদিপ শৰ্মাক । লগতে অধিক তথ্যৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে জোৰদাৰ তদন্ত । উল্লেখ্য যে অভিযুক্ত ত্ৰিদিপ শৰ্মাৰ বিৰুদ্ধে কিছু বছৰ পূৰ্বে উত্থাপন হৈছিল যৌন কেলেংকাৰীৰ অভিযোগ । সেই অভিযোগতে চৰকাৰী শিক্ষকৰ পদৰ পৰা নিলম্বিত হৈছিল অভিযুক্ত ত্ৰিদিপ শৰ্মা । এতিয়া দোষীক উচিত শাস্তি প্ৰদান কৰি নিজ কন্যাৰ ন্যায় দাবী কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ।

লগতে পঢ়ক: Illegal weapons seized : শোণিতপুৰত জব্দ দুটা পিষ্টল আৰু ৭ জাই সজীৱ গুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.