ETV Bharat / state

উত্তপ্ত ৰণথলী : চৌব্বিশ ঘন্টাৰ ভিতৰত সংঘটিত দুটাকৈ হত্যাকাণ্ড

author img

By

Published : Oct 4, 2020, 9:24 PM IST

sensation for murder in nagaon assam etv bharat news
এটা হত্যাকাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত নগাঁৱৰ ৰণথলী

নগাঁৱৰ ৰণথলীৰ অসমীয়া গহনা ব্যৱসায়ী প্ৰশান্ত বণিয়া হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত ৰণথলীৰ পৰিৱেশ ৷ স্থানীয় ৰাইজৰ প্ৰহাৰত মৃত্যু ঘটে এই কাণ্ডত জড়িত এগৰাকী অভিযুক্তৰ ৷

নগাঁও,4 অক্টোবৰ: কেঁচা সোণৰ বাবে অসম বিখ্যাত নগাঁৱৰ ৰণথলীত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা ৷ প্ৰথমে এটা হত্যাকাণ্ড ৷ শনিবাৰে নিশা প্ৰশান্ত বণিয়া নামৰ যুৱ ব্যৱসায়ীজনক ঘৰৰ সমীপতে কৰা হৈছিল হত্যা ৷ নিশা ৰিমন শইকীয়া আৰু নিতুল শইকীয়া নামৰ দুই যুৱকে উপৰ্যুপৰি ছুৰীকাঘাত কৰিছিল প্ৰশান্তক ৷ সংজ্ঞাহীন অৱস্থাত তেজেৰে লুতুৰি পুতুৰি হৈ থকা প্ৰশান্তৰ দেহটো লৈ যোৱা হৈছিল চিকিৎসালয়লৈ ৷ কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে প্ৰশান্তক ৷ এই হত্যাকাণ্ডই নিমিষতে উত্তেজনাৰ সৃষ্টি কৰে ৰণথলীত ৷ উন্মত্ত জনতাই দেওবাৰে পুৱা বিচাৰ খোচাৰ আৰম্ভ কৰে দুই হত্যাৰ অভিযুক্তৰ ৷ ধাননিৰ মাজত লুকাই থকাৰ পৰা উলিয়াই অনা হয় ৰিমন শইকীয়াক ৷ তাৰপিছতে আৰম্ভ হয় ৰাইজৰ প্ৰহাৰ ৷ খঙত একো নাই হৈ ৰাইজে বৰ্বৰোচিতভাৱে প্ৰহাৰ কৰে ৰিমনক ৷ পৰিস্থিতি ইমানেই ভয়ংকৰ আছিল যে, অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰাৰ লগতে সেই স্থানত উপস্থিত হয় আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ৷ উত্তেজিত ৰাইজে আৰক্ষীৰ লগতো খণ্ডযুদ্ধত লিপ্ত হোৱাৰ লগতে সাংবাদিকৰ প্ৰৱেশতো বাধা প্ৰদান কৰে সেই স্থানত ৷

এটা হত্যাকাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত নগাঁৱৰ ৰণথলী

মুমুৰ্ষ অৱস্থাত এটা পুখুৰীৰ পাৰৰ পৰা উদ্ধাৰ কৰা হয় অভিযুক্ত ৰিমন শইকীয়াক ৷ ততাতৈয়াকৈ অৰ্ধ সামৰিক বাহিনীয়ে চিকিৎসালয়লৈ লৈ যায় যদিও তাতেই ৰিমনৰ মৃত্যু ঘটে ৷ আনহাতে, ৰাইজে ঘৰৰ ভিতৰত লুকাই থকা অৱস্থাত কৰায়ত্ত কৰে আনজন অভিযুক্ত নিতুল শইকীয়াক ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ৷ হত্যাকাৰীক শাস্তি বিহিবলৈ গৈ ৰাইজে আইন হাতত তুলি লোৱা ঘটনা মুঠেও গ্ৰহণযোগ্য নহয় ৷

লগতে চাওকঃ তেজপুৰস্থিত সেনাৰ গজৰাজ ক'ৰৰ 58তম প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.