ETV Bharat / state

চামগুৰিৰ এৰাকলং মাজুলিৰ কৃষকৰ দুৰৱস্থা

author img

By

Published : May 24, 2021, 5:26 PM IST

আন্তঃজিলা যাতায়ত বন্ধক লৈ চিন্তিত কৃষিজীৱি ৰাইজ । ইখন জিলাৰ পৰা সিখন জিলালৈ চলাচল কৰিব নোৱাৰাত এতিয়া বিপদত পৰিছে কৃষকসকল ।

samguri
চামগুৰিৰ এৰাকলং মাজুলিৰ কৃষকৰ দুৰৱস্থা

চামগুৰি, ২৪ মে': ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি, শুকুৰবাৰৰ পৰা অসমত আন্তঃজিলা যাতায়ত ১৫ দিনৰ বাবে বন্ধ হৈছে । ইখন জিলাৰ পৰা সিখন জিলালৈ যাতায়ত কৰিব পৰা নাই কোনো লোকৰ লগতে ৰপ্তানি কৰিবলৈ সক্ষম হোৱা কোনো সামগ্ৰী । কিন্তু এই লৈ এতিয়া বিপদত পৰিছে কৃষকসকল ।

চামগুৰিৰ এৰাকলং মাজুলিৰ কৃষকৰ দুৰৱস্থা

চামগুৰিৰ এৰাকলং মাজুলীৰ কৃষকসকলৰ মাজতো বিৰাজ কৰিজে ঘোৰ অনিশ্চয়তা ৷ কৃষি প্ৰধান অঞ্চলটোত উৎপাদিত কেঁচা সামগ্ৰী তথা ফচল সততে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বিক্ৰী কৰি আহিছে ।

কিন্তু বিগত সমপ্তাহৰ শুকুৰবাৰৰ পৰা আন্তঃজিলা যাতায়ত বন্ধ হোৱাৰ পিছত কেনেদৰে উৎপাদিত সামগ্ৰীসমূহ বিভিন্ন প্ৰান্তলৈ যোগান ধৰিব তাক লৈ এতিয়া হতাশাত ভুগিছে কৃষক ৰাইজ । শীঘ্ৰে এক ব্যৱস্থা গ্ৰহণ কৰি কেঁচা ফচলসমূহ বিক্ৰী কৰাৰ ক্ষেত্ৰত সুবিধা কৰি দিবৰ বাবে চৰকাৰক আহ্বান জনাইছে এৰাকলং মাজুলীৰ যুৱ কৃষকসকলে ।

লগতে পঢ়ক: চেঙাজানত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন এমএচিৰ প্ৰতিনিধি দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.