ETV Bharat / state

কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস

author img

By

Published : Jun 8, 2021, 8:35 PM IST

A_KLBR_robbery-at-kaliabor-one-suspect-arrest_Vis_ASC10014
কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস

কলিয়াবৰত দিন-দুপৰতে দুৰ্বৃত্তই কাঢ়ি নিলে ডেৰ লাখ টকা ৷ আৰক্ষীৰ জালত ঘটনাৰ সৈতে জড়িত এটা দুৰ্বৃত্ত ৷

কলিয়াবৰ, 8 জুন : মঙলবাৰে কলিয়াবৰৰ হাতীবন্ধাস্থিত ভাৰতীয় ষ্টেট বেংক (SBI)ৰ গ্ৰাহক সেৱা কেন্দ্ৰ পৰা হেমন্ত তিমচিনা নামৰ এগৰাকী কৰ্মচাৰীয়ে এক লাখ আঠচল্লিশ হাজাৰ টকা উলিয়াই আনিছিল ষ্টেট বেংক কলিয়াবৰ শাখাৰ পৰা । সেই সময়তে বাইকত অহা দুই দুৰ্বৃত্তই ৰিভলভাৰ দেখুৱাই ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰৰ পৰাই টকাৰ বেগ কাঢ়ি উধাও হয় ।

কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস

ইপিনে দুৰ্বৃত্তই বেংকৰ পৰা অনা টকাৰ লগতে হেমন্তৰ হাতত থকা দুহেজাৰ টকাৰ লগতে ম'বাইল ফোনটোও কাঢ়ি লৈ য়ায় । আনহাতে দুৰ্বৃত্তই মাৰ-ধৰ কৰাত গুৰুতৰভাৱে আহত হয় হেমন্ত তিমচিনা । ঘটনা সংঘটিত হোৱা কিছু সময়ৰ পাচতে স্থানীয় লোকে হেমন্ত তিমচিনাক উদ্ধাৰ কৰি জখলাবন্ধা হাস্পতাল (Jokholabondha Hospital) লৈ প্ৰেৰণ কৰে ৷

আনহাতে, স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াৰ পাচতে ঘটনাস্থলিত কলিয়াবৰৰ চুলুং টহলদাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে দুই দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ অভিযান আৰম্ভ কৰে ।

উল্লেখ‍্য যে, ঘটনাটো চুলুং টহলদাৰী আৰক্ষী চকুৰৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বতে সংঘটিত হয় । শেহতীয়াকৈ জানিব পৰামতে, আৰক্ষীয়ে ইতিমধ‍্যে অভিযান চলায় ৩ নং বৰঘুলীৰ পৰা সোধা-পোছাৰ বাবে ৰছিদুল হক নামৰ এজন লোকক আটক কৰে ।

লগতে পঢ়কঃ যোৰহাটত বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.