ETV Bharat / state

আজমলৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ল’লে ৰকিবুল হুছেইনে

author img

By

Published : Apr 12, 2021, 9:43 PM IST

rakibul hussain withdrew case that he filed against badruddin ajmal
আজমলৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ললে ৰকিবুল হুছেইনে

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তৰা মানহানিৰ গোচৰ উঠাই ললে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ৷ এক মীমাংসালৈ আহি 2018 চনতে আজমলৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ল’লে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

নগাঁও,12 এপ্ৰিল: 2018 চনতে এআইডিইউএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ল'লে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ সোমবাৰে নগাঁও জিলা ন্যায়িক আদালতত উপস্থিত হৈ জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে আজমলৰ বিৰুদ্ধে তৰা মানহানিৰ গোচৰ উঠাই লয় ৷

বিষয়টোৰ সন্দৰ্ভত এক মীমাংসালৈ আহি গোচৰটো উঠাই লোৱাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে বিজেপিৰ নেতা কংগ্ৰেছলৈ আহিব বুলিও মন্তব্য কৰে ৷

আজমলৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ললে ৰকিবুল হুছেইনে

বৰ্তমান ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত সৰ্বত্ৰে চৰ্চা হৈ থকা হৰ্ছ ট্ৰেডিং সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিজেপি শংকিত বুলি মন্তব্য কৰাৰ লগতে 2 মে'ত মহাজোঁটৰ চৰকাৰ গঠন হ'ব বুলি মন্তব্য কৰে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ আৰু এআইইউডিএফৰ পৰা বিজেপিলৈ নহয় বৰঞ্চ বিজেপিৰ পৰাহে কংগ্ৰেছলৈ নেতা আহিব বুলিও হুছেইনে মন্তব্য কৰে ৷

শেহতীয়াকৈ ক'ভিড-19 সন্দৰ্ভত চৰকাৰে জাৰি কৰা নিষেধাজ্ঞা সন্দৰ্ভত বিজেপিৰ নেতাসকলক তাচ্ছিল্যসূচক মন্তব্য কৰি হুছেইনে কয় যে, ৰাইজক ৰোষৰ পৰা ৰক্ষা কৰাটো চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ দায়িত্ব ৷ এইক্ষেত্ৰত শাসক দলৰ নেতা, জন সাধাৰণ তথা সকলোৰে বাবে নিষেধাজ্ঞাসমূহ একেই হ'ব লাগে ৷

লগতে পঢ়ক: মহাজোঁটৰ চৰকাৰ কেনেকৈ: 'গেম চেঞ্জাৰ' বাঘেল, জিতেন্দ্ৰ সিঙৰ ফৰ্মূলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.