ETV Bharat / state

ব্যাপক প্ৰচাৰৰ পাচতো তিৱা পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছৰ মুখ থেকেছা

author img

By

Published : Dec 19, 2020, 9:14 PM IST

পুখুৰীপাৰ সমষ্টিত কংগ্ৰেছৰ মুখ থেকেছা
পুখুৰীপাৰ সমষ্টিত কংগ্ৰেছৰ মুখ থেকেছা

প্ৰাক্তন বিধায়ক ডা৹ দুৰ্লভ চমুৱাই ঘৰে ঘৰে প্ৰচাৰ চলাইয়ো উদ্ধাৰ কৰিব নোৱাৰিলে পুখুৰীপাৰ পৰিষদ ৷ সমষ্টিটো কংগ্ৰেছৰ দখললৈ আনিবলৈ নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই ব্যাপক তৎপৰতা চলাইছিল যদিও সফল হ'ব নোৱাৰিলে ৷

নগাঁও, 19 ডিচেম্বৰ : পুখুৰী পাৰ তিৱা স্বায়ত্বশাসিত পৰিষদীয় সমষ্টি হৈছে নগাঁও সদৰ সমষ্টিৰ একমাত্ৰ পৰিষদীয় সমষ্টি ৷ সমষ্টিটো কংগ্ৰেছৰ দখললৈ আনিবলৈ নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই ব্যাপক তৎপৰতা চলাইছিল যদিও সফল হ'ব নোৱাৰিলে ৷ সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপৰাণী ডেকাৰ হৈ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই নিৰ্বাচনৰ পূৰ্বে ঘৰে ঘৰে উপস্থিত হৈ চলাইছিল ব্যাপক প্ৰচাৰ ৷

ব্যাপক প্ৰচাৰৰ পাচতো পুখুৰীপাৰ সমষ্টিত কংগ্ৰেছৰ মুখ থেকেছা

ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰিও অৱশেষত মুখ থেকেছা খাবলগীয়া হ'ল, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ লগতে কংগ্ৰেছ দলে ৷ পৰিষদীয় সমষ্টিটোত বিজেপি প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰৰ হৈ বিধায়ক ৰূপক শৰ্মাই প্ৰচাৰ চলায় ৷ কংগ্ৰেছ প্ৰাৰ্থী ৰূপাৰাণী ডেকাক পৰাজিত কৰি বিপুল ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰে জয়লাভ কৰিবলৈ সক্ষম হয় ৷ ডাঃ দুৰ্লভ চমুৱা বিধায়ক হৈ থকা সময়ত অঞ্চলটোত কোনো উন্নয়নমূলক কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি সমৰ্থকে ৷

লগতে পঢ়ক: ২৭ নং কাকী তিৱা পৰিষদীয় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বিজুমণি বৰদলৈৰ জয়লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.