ETV Bharat / state

আন্তঃজিলা যাতায়তৰ বাবে ই-পাছৰ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ

author img

By

Published : May 21, 2021, 10:01 AM IST

Updated : May 21, 2021, 5:08 PM IST

আন্তঃজিলা যাতায়তৰ বাবে ইপাছৰ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ
Provision of for inter-district transport of Nagaon district administration

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আজিৰে পৰা সমগ্ৰ ৰাজ্যতে পৰৱৰ্তী 15 দিনৰ বাবে প্ৰযোজ্য হোৱাকৈ আন্তঃজিলা যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে ৷ কিন্তু জৰুৰীকালীন সেৱাৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে ৷

নগাঁও,21 মে': কৰ'ণাৰ বৰ্ধিত সংক্ৰমণ ৰোধৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শুকুৰবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে পৰৱৰ্তী 15 দিনৰ বাবে প্ৰযোজ্য হোৱাকৈ আন্তঃজিলা যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ কিন্তু জৰুৰীকালীন চিকিৎসা আৰু মৃতকৰ শেষ যাত্ৰাৰ লগতে আৰু আন কিছু জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে ৷

ইয়াৰ পৰিপ্ৰেক্ষিততে নগাঁও জিলা প্ৰশাসনে জিলাখনৰ নাগৰিকসকলৰ সহায় হোৱাকৈ অনলাইন যোগে ই-পাছ লাভৰ ব্যৱস্থাৰ গ্ৰহণ কৰিছে । জিলাখনৰ নাগৰিকসকলে “https://nagaon.gov.in/”ত ক্লিক কৰি “Apply for Inter-district movement ePass”ত গৈ যাৱতীয় নথি-পত্ৰ দাখিল কৰি এই ৰেহাই ব্যৱস্থা সমূহ গ্ৰহণ কৰিব পাৰিব ।

যিসকলে অনলাইন মাধ্যমত আবেদন কৰিব নোৱাৰে তেওঁলোকে উপায়ুক্ত কাৰ্যালয়ত আহি আবেদন কৰি এই সেৱা লাভ কৰিব পাৰিব ।

লগতে পঢ়ক: ৰিতুল শইকীয়াৰ মুকলি সন্দৰ্ভত পত্নীৰ প্ৰতিক্ৰিয়া

Last Updated :May 21, 2021, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.