ETV Bharat / state

চামগুৰিৰ পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

author img

By

Published : Jun 23, 2021, 7:38 PM IST

piyush_hazarika
চামগুৰি সমষ্টিৰ কেইবাটাও টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকা

পুৰণিগুদামৰ চলচলি আৰু চামগুৰিৰ পদুমণিত থকা দুটাকৈ অস্থায়ী টীকাকৰণ কেন্দ্ৰত বুধবাৰে উপস্থিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা । কেন্দ্ৰ দুটা পৰিদৰ্শন কৰি চলি থকা টীকাকৰণ প্ৰক্ৰিয়াৰ পৰ্যবেক্ষণ কৰাৰ লগতে স্বাস্থ্য বিভাগৰ কৰ্মীসকলক নিয়াৰিকৈ সমগ্ৰ পৰিস্থিতি মোকাবিলা কৰি সৰ্বসাধাৰণ ৰাইজক ক'ভিডৰ বিৰুদ্ধে সকাহ প্ৰদান কৰিবৰ বাবে নিৰ্দেশ দিয়ে ।

চামগুৰি, ২৩ জুন : সমগ্ৰ দেশতে অব্যাহত আছে মহামাৰী কৰ'ণাৰ (Corona) সংহাৰী ৰূপ । তাৰমাজতে স্বাস্থ্য বিভাগ তথা বিশেষজ্ঞসকলে দাবী কৰি আহিছে যে মহামাৰীৰ বিৰুদ্ধে জয়ী হোৱাৰ একমাত্ৰ উপায় হৈছে কৰ'ণা প্ৰতিষেধক । যাৰ বাবে ভাৰতত প্ৰস্তুত কৰা দুটাকৈ প্ৰতিষেধক ক্ৰমে ক'ভাক্সিন(Covaxin) আৰু ক'ভিশ্বিল্ড(Covishield) ৰ লগতে ৰাছিয়াৰ স্পুটনিক ভি(Sputnik v) প্ৰতিষেধক দেশজুৰি দি থকা হৈছে । সমান্তৰালকৈ অসমতো কৰ'ণাৰ দ্ৰুত সংক্ৰমণ অব্যাহত থকাৰ বাবে ৰাজ্য চৰকাৰে দ্ৰুতগতিত প্ৰতিষেধক প্ৰদান বা টীকাকৰণৰ (Vaccination) কাৰ্যসূচী গ্ৰহণ কৰিছে ।

ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰা মতে, প্ৰতিদিনে ৩ লাখ লোকক ক'ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য আগত ৰাখিছে ৰাজ্য চৰকাৰে । যাৰ বাবে যোৱা ২১ জুনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে দ্ৰুত প্ৰতিষেধক প্ৰদান অভিযান । ইফালে ৰাজ্যখনৰ কেইবাখনো জিলাক লৈ এতিয়াও চিন্তিত ৰাজ্য চৰকাৰ । কিয়নো সেই জিলাকেইখনত অপৰিৱৰ্তিত হৈ আছে ক'ভিড পৰিস্থিতি ।

সেই জিলাখনৰ ভিতৰত অন্যতম হৈছে নগাঁও জিলা । নগাঁও জিলাখনৰ বিভিন্ন প্ৰান্তত কৰ'ণাৰ সংক্ৰমণ অব্যাহত আছে । ইতিমধ্যে স্বাস্থ্য বিভাগে জিলাখনৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে ।

চামগুৰিৰ পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

জিলাখনত স্বাস্থ্য বিভাগে ক'ভিডৰ টীকাকৰণ প্ৰক্ৰিয়া ব্যাপক কৰি তোলা দেখা গৈছে । এই সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে পুৰণিগুদামৰ চলচলি আৰু চামগুৰিৰ পদুমণিত থকা দুটাকৈ অস্থায়ী টীকাকৰণ কেন্দ্ৰত (Vaccination camp) উপস্থিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা । মন্ত্ৰীগৰাকীৰ সৈতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকে ।

কেন্দ্ৰ দুটা পৰিদৰ্শন কৰি চলি থকা টীকাকৰণ প্ৰক্ৰিয়াৰ পৰ্যবেক্ষণ কৰাৰ লগতে স্বাস্থ্য বিভাগৰ কৰ্মীসকলক নিয়াৰিকৈ সমগ্ৰ পৰিস্থিতি মোকাবিলা কৰি সৰ্বসাধাৰণ ৰাইজক ক'ভিডৰ বিৰুদ্ধে সকাহ প্ৰদান কৰিবৰ বাবে নিৰ্দেশ দিয়ে । ইফালে ক'ভিডৰ নতুন প্ৰকাৰ ডেল্টা+ কে (delta plus variant) ধৰি আগন্তুক দিনত সৃষ্টি হ'ব পৰা ক'ভিড পৰিস্থিতিৰ সৈতে যুঁজিবৰ বাবে টীকাকৰণ অতি জৰুৰী বুলি কোৱাৰ লগতে জনসাধাৰণক সকলো ধৰণৰ সতৰ্কতা বজাই ৰাখিবলৈও আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে । লগতে পৰিস্থিতি একেধৰণৰ হৈ থাকিলে নগাঁও জিলাতো সম্পূৰ্ণ লক ডাউন (Complete Lockdown) হোৱাৰ সম্ভাৱনা থকাৰ কথাও নুই কৰা নাই মন্ত্ৰী পীযুষ হাজৰিকাই ।

লগতে পঢ়ক: খালী আসন তিনিখন কিন্তু উপ-নিৰ্বাচন পাঁচটা‌ সমষ্টিত, কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.