ETV Bharat / state

সৰস্বতী পূজালৈ যোৱাই কাল হ’ল একাংশ শিক্ষাৰ্থীৰ বাবে

author img

By

Published : Feb 11, 2022, 5:33 PM IST

সৰস্বতী পূজালৈ যোৱাই কাল হ’ল একাংশ ল’ৰা-ছোৱালীৰ বাবে ৷ বিপাঙত এতিয়া একাংশ শিক্ষাৰ্থীৰ অভিভাৱক (Tens situation at Samaguri) ৷ ক’ত, কি হ’ল সৰস্বতী পূজাৰ দিনা ? চাওক আমাৰ এই প্ৰতিবেদন...

tens situation in nagaon at samaguri
সৰস্বতী পূজালৈ যোৱাই কাল হ’ল একাংশ শিক্ষাৰ্থীৰ বাবে

চামগুৰি, 11 ফেব্ৰুৱাৰী : সৰস্বতী পূজাৰ প্ৰজ্বল আৰু ভোগ গ্ৰহণৰ পিছত এতিয়া একাংশ শিশুৰ অভিভাৱকৰ মাজত ঘনিভূত হৈছে চৰম দুৰ্ভাৱনা (Tens situation at Samaguri) ৷ চামগুৰিৰ গটঙাৰ মধ্যপাৰা পূজা মন্দিৰত শিশুসকলে পূজাৰ ভোগ গ্ৰহণৰ পাচতে এতিয়া আতংকিত হৈ পৰিছে শিশুসকলৰ অভিভাৱক ৷ কি কৰিব, ক’লৈ যাব ৷ কেনেকৈ কৰিব শিশুসকলৰ চিকিৎসা ৷

ঘটনাৰ বিৱৰণি অনুসৰি, চলিত মাহত 5 ফেব্ৰুৱাৰীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ চামগুৰিৰ গটঙাৰ মধ্যপাৰা পূজা মন্দিৰত আয়োজিত কৰা হৈছিল সৰস্বতী পূজা ৷ সকলোৰে মাজত পূজাক লৈ ব্যস্ততাৰ অন্ত নাই ৷ ধৰ্মীয় নীতি-নিয়ম অনুসৰি 5 ফেব্ৰুৱাৰীত গটঙাৰ মধ্যপাৰা পূজা মন্দিৰত আয়োজিত হৈছিল সৰস্বতী পূজা (Saraswati Puja celebrated at Gatanga Madhyapara puja temple) ৷

সৰস্বতী পূজালৈ যোৱাই কাল হ’ল একাংশ শিক্ষাৰ্থীৰ বাবে

তেতিয়ালৈ সকলো ঠিকেই আছিল ৷

কিন্তু পৰ্ৰৱতী সময়তহে লাগিল অথন্তৰ ৷ কিয়নো সৰস্বতী পূজাৰ দিনা পূজাৰ প্ৰজ্বল আৰু ভোগত ব্যৱহৃত কৰা হৈছিল কেঁচা গাখীৰ ৷ আৰু এতিয়া সেই কেঁচা গাখীৰ খোৱাই কাল হ’ল একাংশ শিশুৰ বাবে ৷

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, সৰস্বতী পূজাৰ দিনা পূজাৰ ভোগত যিজনী গাইৰ কেঁচা গাখীৰ ব্যৱহৃত কৰা হৈছিল সেই গাইজনী বৰ্তমান জলাতংক ৰোগত আক্ৰান্ত হৈছে ৷ এই বাতৰি লাভ কৰি এতিয়া বিমূৰত পৰিছে পূজাৰ প্ৰসাদ ভোগ কৰা শিশুসকলৰ অভিভাৱক ৷

উপায়ন্তৰ হৈ শিশুসকলৰ অভিভাৱকে কাষ চাপিছে চিকিৎসকৰ ৷ ভুক্তভোগী পৰিয়াল কেইটাৰ অভিভাৱকসকলে শিশুসকলক চিকিৎসকৰ পৰামৰ্শ অনুসৰি, জলাতংক ৰোগৰ প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিছে নগাঁও অসামৰিক চিকিৎসালয় (Nagaon Civil Hospital) আৰু জখলাবন্ধা ৰাজ্যিক চিকিৎসালয়ত (Jakhalabandha State Hospital) ৷ কিন্তু দুৰ্ভাগ্যৰ কথা যে, অধিকাংশ শিশুৱে এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিবলৈ সামৰ্থ হোৱা নায় ৷

আনকি অতি দৰিদ্ৰ পৰিয়ালৰ লোকসকলে পৰৱৰ্তী সময়ত ল'বলগীয়া ভেকচিন শিশুসকলক প্ৰদান কৰিবৰ বাবে নহয় আৰ্থিকভাৱে সামৰ্থ । গতিকে ভুক্তভোগী পৰিয়ালসমূহে পৰৱৰ্তী ভেকচিন কেইটা শিশুসকলক বিনামূলীয়াকৈ স্বাস্থ্যবিভাগৰ ফালৰ পৰা প্ৰদানৰ ব্যৱস্থা কৰি দিবৰ বাবে চৰকাৰক জনাইছে আহ্বান ৷

লগতে পঢ়ক : শান্তিপূৰ্ণৰূপত চলি আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভা নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.