ETV Bharat / state

Nagaon medical college get recognised: ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি লাভ কৰিলে নগাঁও মেডিকেল কলেজে

author img

By

Published : Feb 24, 2023, 1:56 PM IST

Nagaon medical collage Recognised
নগাঁও মেডিকেল কলেজে লাভ কৰিলে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি

অৱশেষত মধ্য অসমবাসীয়ে লাভ কৰিলে আকাংশিত খবৰটো । নৱনির্মিত নগাঁও চিকিৎসা মহাবিদ্যালয়ে লাভ কৰিলে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি । এম বি বি এছ পাঠ্যক্ৰমৰ এশ খন আসনৰ বাবে স্বীকৃতি লাভ কৰিলে নগাঁও চিকিৎসা মহাবিদ্যালয়ে (NMC Approves 100 MBBS Seats for Nagaon Medical College)।

নগাঁও, ২৩ ফেব্ৰুৱাৰী : অৱশেষত বহু প্ৰত্যাশিত ভাল খবৰটো আহিল নগাঁৱৰ লগতে মধ্য অসমবাসীৰ বাবে । নৱনির্মিত নগাঁও চিকিৎসা মহাবিদ্যালয়ে লাভ কৰিলে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি । নগাঁৱৰ ম'হখুলিত নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পিছত মেডিকেল কাউঞ্চিলৰ স্বীকৃতি আৰু স্বীকৃতিৰ বাবে মেডিকেল কাউঞ্চিলৰ পৰিদর্শনৰ বাবে কৰিবলগীয়া হৈছিল অপেক্ষা । অপেক্ষাৰ অন্তত যোৱা বুধবাৰে নিৰ্মীয়মান নগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰিবলৈ নগাঁও মেডিকেল কলেজত উপস্থিত হৈছিল মেডিকেল কাউঞ্চিলৰ এটা দল ।

গৃহ নিৰ্মানৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা Nagaon medical college get recognised মুকলিৰ বাবে প্ৰায় সম্পূৰ্ণ সাজু হৈ উঠিছে । পূৰ্ণাংগ পৰ্যায়ত নগাঁও চিকিৎসা মহাবিদ্যালয় আৰম্ভ হোৱা নাছিল যদিও ইতিমধ্যেই নগাঁও মেডিকেল কলেজত নিযুক্তি দিয়া হৈছে অধ্যক্ষ, অধ্যাপকৰ লগতে চিকিৎসক । নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ গৃহ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমতিৰ বাবেহে কেৱল কৰিবলগীয়া হৈছিল অপেক্ষা । নগাঁও চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যেই বহিঃ বিভাগকে ধৰি কেবাটাও বিভাগৰ চিকিৎসা সেৱাও আৰম্ভ কৰা হৈছে বুলি সূত্ৰ যোগে জানিবলৈ পোৱা গৈছে ।

Nagaon medical collage Recognised
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি লাভ নগাঁও মেডিকেল কলেজৰ

চিকিৎসা মহাবিদ্যালয়খনত বিগত কিছুদিনৰ পৰাই চিকিৎসা সেৱা লাভ কৰি আহিছে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ৰোগীয়ে । উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেই নিৰ্মীয়মান অৱস্থাত থকা নগাঁও মেডিকেল কলেজত আৰম্ভ হৈছিল প্ৰসূতি আৰু শিশু চিকিৎসালয় । শেহতীয়াকৈ প্ৰায় সকলো বিভাগৰ চিকিৎসা সেৱা আৰম্ভ কৰা নগাঁও চিকিৎসা মহাবিদ্যালয়খন পূৰ্ণাংগ পৰ্যায়ত আৰম্ভ কৰিবলৈ প্ৰয়োজন হৈছিল ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতিৰ । মেডিকেল কাউঞ্চিলৰ দলে পৰিদৰ্শন কৰাৰ অন্ততহে সাধাৰণতে মেডিকেল কলেজৰ অনুমতি প্ৰদান কৰা হয় ।

সেয়ে বুধবাৰে আকস্মিক ভাৱে মেডিকেল কাউঞ্চিলৰ এটা দলে মহাবিদ্যালয় খন পৰিদৰ্শন কৰাৰ অন্তত বৃহস্পতিবাৰে নগাঁও মেডিকেল কলেজক স্বীকৃতি প্ৰদান কৰা বুলি জানিবলৈ পৰা গৈছে । আগন্তক বৰ্ষৰ পৰাই এম বি বি এছ পাঠ্যক্ৰমৰ এশ খন আসনৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়ক স্বীকৃতি প্ৰদান কৰে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে (NMC Approves 100 MBBS Seats for Nagaon Medical College) । মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁৱৰ এখন চিকিৎসা মহাবিদ্যালয়ে মেডিকেল কলেজৰ স্বীকৃতি লাভ কৰাৰ পিছতেই স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে নগাঁওবাসী ।

Nagaon medical collage Recognised
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি লাভ নগাঁও মেডিকেল কলেজৰ

উল্লেখযোগ্য যে, নগাঁও মেডিকেল কলেজৰ সকলো প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া কেৱল আনুষ্ঠানিকভাৱে মুকলি কৰাৰ অপেক্ষাত নগাঁওবাসী ।

লগতে পঢ়ক : Bhubaneswar kalita on Union Budget: এইবাৰৰ কেন্দ্ৰীয় বাজেটে ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তুলিব, ভূৱনেশ্বৰ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.