ETV Bharat / state

বিধায়ক আমিনুল ইছলামৰ উপস্থিতিত ভুলকৈ পৰিবেশন ৰাষ্ট্রীয় সংগীত

author img

By

Published : Aug 16, 2020, 5:28 AM IST

national anthem
national anthem

ৰাষ্ট্ৰীয় সংগীত ভুলকৈ পৰিবেশন কৰি ধিঙত স্বাধীনতা দিৱস উদযাপন। বিধায়ক আমিনুল ইছলামৰ উপস্থিতিতেই সংঘটিত হৈছে এই ঘটনা।

নগাঁও, 15 আগষ্ট : পুনৰ বিতৰ্কত ধিঙৰ বিধায়ক আমিনুল ইছলাম ৷ এইবাৰ অৱশ্যে নিজে কোনো বিতৰ্কৰ সৃষ্টি কৰা নাই বিধায়কগৰাকীয়ে ৷ তেখেতৰ উপস্থিতিৰ মাজতেই সংঘটিত হৈছে এই বিতৰ্কিত কাণ্ড ৷ যাৰ বাবে সাঙোৰ খাইছে বিধায়ক গৰাকীৰ নাম ৷ বিতৰ্কই যেন লগ এৰিব নোখোজে বিধায়ক আমিনুল ইছলামৰ ৷

ভুলকৈ পৰিবেশন ৰাষ্ট্রীয় সংগীত

দেশজুৰি শনিবাৰে উদযাপন কৰা হয় ৭৪ সংখ্যক স্বাধীনতা দিৱস । নগাঁৱৰ ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ কাৰ্যালয়তো উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷ য’ত উপস্থিত থাকে বিধায়ক আমিনুল ইছলাম ৷ বিধায়কগৰাকীৰ উপস্থিতিত উদযাপন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় সংগীতৰ প্ৰথম শাৰীটো ‘‘জন গণ মন অধিনায়ক’’ৰ পৰিৱৰ্তে জন গণ মংগল দায়ক বুলি পৰিবেশন কৰা হয় । কেৱল এয়াই নহয়, ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ সময়ত এজন লোকে বিতৰণ কৰি গ'ল লঘু আহাৰ । যেন ৰাষ্ট্ৰীয় পতাকা অথবা ৰাষ্ট্ৰীয় সংগীতক নূন্যতম সন্মানো প্ৰদৰ্শন নকৰিলে এইসকলে। এই ঘটনাক লৈ একাংশ লোক সৰব হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : ধন দাবীৰ অভিযোগত আটক জাতীয় সংগঠনৰ নেতা-সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.