প্ৰৱঞ্চক মৃদুপৱন নেওগৰ বাসগৃহত উদ্ধাৰ হৈছে বহু আপত্তিজনক সামগ্ৰী

author img

By

Published : Sep 25, 2021, 10:10 PM IST

nagaon-police-raid-to-find-fraud-mridupan-neog

প্ৰৱঞ্চক মৃদুপৱন নেওগক বিচাৰি নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ব্যাপক অভিযান ৷ মৃদুপৱনৰ গাড়ীচালক আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষীক জেৰা নগাঁও আৰক্ষীৰ ৷ আৰক্ষীৰ জেৰাত আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

নগাঁও,25 ছেপ্তেম্বৰ: এখন বিলাসী বাহন বিক্ৰীৰ নামত নগাঁৱৰ নেহা কাৰ বাজাৰ নামৰ এটা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ পৰা 30 লাখ টকা আত্মসাত কৰা গুৱাহাটীৰ মৃদুপৱন নেওগৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে ব্যাপক অভিযান ৷ বিলাসী বাহন বিক্ৰীৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত নেহা কাৰ বাজাৰৰ স্বত্বাধিকাৰীয়ে নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷ উক্ত এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে শুকুৰবাৰে নিশা মৃদুপৱনৰ গুৱাহাটীৰ কাহিলীপাৰাস্থিত বাসগৃহত অভিযান চলায় ৷

প্ৰৱঞ্চক মৃদুপবন নেওগৰ বাসগৃহত আৰক্ষীৰ অভিযান

আৰক্ষীৰ অভিযানৰ সময়তেই মৃদুপৱন নেওগে পলায়ন কৰিবলৈ সক্ষম হয় যদিও মৃদুপৱনৰ বাসগৃহৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা .32 পিষ্টল, 20 জাই সজীৱ গুলিসহ বহু আপত্তিজনক সামগ্ৰীৰ লগতে নথি পত্ৰ ৷ বৰ্তমান মৃদুপৱনৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু গাড়ী চালকক সোধ পোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে ৷ আটকাধীন গাড়ীচালক আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষীক লগত লৈ শনিবাৰে সন্ধিয়া নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হয় অভিযানকাৰী আৰক্ষীৰ দলটো ৷

প্ৰৱঞ্চক মৃদুপবন নেওগৰ বাসগৃহত উদ্ধাৰ হৈছে বহু আপত্তিজনক সামগ্ৰী

বৰ্তমান নগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুয়োকে জেৰা অব্যাহত ৰখাৰ লগতে মৃদুপৱনক বিচাৰি ব্যাপক অভিযান আৰম্ভ কৰিছে ৷ আৰক্ষীৰ জেৰাত আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷ এনেদৰে আন বহু লোকক প্ৰৱঞ্চনাৰ কৰি ধৃত মৃদুপৱন নেওগে কোটি কোটি টকা আত্মসাৎ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ পঞ্চায়ত প্ৰতিনিধিলৈ ৬৬ কোটি ৮৪ লাখ ২৫ হাজাৰ টকা মুকলি বিত্ত বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.