পঞ্চায়ত প্ৰতিনিধিলৈ ৬৬ কোটি ৮৪ লাখ ২৫ হাজাৰ টকা মুকলি বিত্ত বিভাগৰ

author img

By

Published : Sep 25, 2021, 7:49 PM IST

finance-department-release-fund-for-panchayat

ৰাজ্যৰ গ্ৰাম্য স্বৰাজ ব্যৱস্থাক অধিক শক্তিশালী আৰু গতিশীল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শেহতীয়াকৈ ৰাজ্যৰ 26,784 গৰাকী নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ বাবে ৬৬ কোটি ৮৪ লাখ ২৫ হাজাৰ টকা মুকলি কৰিছে ৰাজ্যৰ বিত্ত বিভাগে ৷ সকলো পঞ্চায়ত প্ৰতিনিধিকে নিষ্ঠা আৰু সততাৰে কাম কৰাৰ আহ্বান বিত্তমন্ত্ৰী অজন্তা নেওগৰ ৷

গুৱাহাটী,25 ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি ৰাজ্যৰ সকলো জিলা পৰিষদৰ সভাপতি, উপ-সভাপতি আৰু সদস্য-সদস্যা, গাঁও পঞ্চায়তৰ সভাপতি, উপ-সভাপতি আৰু সদস্য-সদস্যাৰ লগতে আঞ্চলিক পঞ্চায়তৰ সভাপতি, উপ-সভাপতি আৰু সদস্য-সদস্যাসকলৰ 2020 চনৰ এপ্ৰিল মাহৰ পৰা 2021 চনৰ জানুৱাৰী পৰ্যন্ত 10 মাহৰ পাৰিতোষিকত মঞ্জুৰি প্ৰদান কৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ৷

বিত্তমন্ত্ৰীৰ এই মঞ্জুৰীৰ দ্বাৰা ৰাজ্যৰ 26,784 গৰাকী নিৰ্বাচিত প্ৰতিনিধি উপকৃত হ'ব ৷ এই পাৰিতোষিক মঞ্জুৰিৰ দ্বাৰা জিলা পৰিষদৰ সভাপতি সকলে প্ৰতিমাহে 10 হাজাৰ টকা, উপ-সভাপতিসকলে প্ৰতিমাহে 7 হাজাৰ পাঁচশ টকা আৰু সদস্য সকলে 4 হাজাৰ টকাকৈ লাভ কৰিব ৷ একেদৰে গাওঁ পঞ্চায়তৰ সভাপতিসকলে 5000 টকা, উপ-সভাপতি সকলে 3000 টকা আৰু সদস্যসকলে 2000 টকাকৈ প্ৰতিমাহে লাভ কৰিব ৷

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই সামৰি লৈছে অসমৰ ২৭ লাখ দুখীয়া পৰিয়ালক

আঞ্চলিক পঞ্চায়তৰ সভাপতি সকলে 7,500 টকা, উপ সভাপতিসকলে 5 হাজাৰ টকা আৰু সদস্যসকলে 3 হাজাৰ টকাকৈ প্ৰতিমাহে লাভ কৰিব ৷ পঞ্চায়ত প্ৰতিনিধিসকলৰ এই পাৰিতোষিকৰ বাবদ ৰাজকোষৰ পৰা 66 কোটি 84 লাখ 25 হাজাৰ টকা ব্যয় হ'ব ৷

এই পাৰিতোষিক মঞ্জুৰ কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে সকলো পঞ্চায়ত প্ৰতিনিধিক তেওঁলোকৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়কঃ পুনৰ অনুষ্ঠিত হ’ব APDCL ৰ পৰীক্ষা: ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.