ETV Bharat / state

১৪৬ টা পশুধন সহ ১৪খন বাহন জব্দ কলিয়াবৰত, আটক ৪0 জন

author img

By

Published : Nov 11, 2019, 11:14 AM IST

Updated : Nov 11, 2019, 11:34 AM IST

চোৰাং গৰু সৰবৰাহৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে একাংশ ঘোচখোৰ আৰক্ষী বিষয়াও ৷ দেওবাৰে বৃহৎ সংখ্যক পশুধন জব্দ কৰাৰ পিচত মুখা খোল খাইছে একাংশ দুৰ্নীতি পৰায়ণ আৰক্ষীৰ গোপন কাহিনী ৷ অভিযোগ অনুসৰি বোকাখাট আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত গৰু ভৰ্তি বাহন পাৰ কৰি দিয়ে।

১৪৬ টা পশুধন সহ ১৪খন বাহন জব্দ কলিয়াবৰত, আটক ৪0 জন

নগাঁও,11 নৱেম্বৰঃ গো-মাতা পূজনৰ পোষকতা কৰা চৰকাৰৰ দিনত গো-মাতাৰ দুখে কুলাই পাচিয়ে নধৰা হৈছে ৷ ৰাজ্যত ধাৰাবাহিকভাৱে জব্দ হৈছে অবৈধভাৱে সৰবৰাহ কৰা গৰু ৷ নগাঁও, গুৱাহাটী,ধুবুৰীৰ পৰা আৰম্ভ কৰি উজনি অসমলৈ চলি আছে গৰুৰ চোৰাং বেহা ৷ নিশাৰ আন্ধাৰত চলা এই চোৰাং বেহা ৰোধ কৰাত ব্যৰ্থ ৰাজ্যৰ গৃহবিভাগ ৷ এই পৰ্যন্ত কেবাশ চোৰাং গৰুসহ গাড়ী জব্দ কৰিছে যদিও আৰক্ষীয়ে উৎখাত কৰিব পৰা নাই চোৰাং গৰু সৰবৰাহৰ মূল চক্ৰটোক ৷

NAGAON KALIABOR ILLEGAL CATTLE RECOVER, CATTLE SMUGGLING ASSAM
পশুধন সহ আটক হোৱা লোকসকলৰ একাংশ

দেওবাৰে কলিয়াবৰ আৰক্ষীৰ হাতত জব্দ হোৱা চৈধ‍্যখন পশুধন ভৰ্তি বাহনে পুনৰ প্ৰমাণ কৰিলে গৃহ বিভাগৰ বিফলতাৰ কথা ৷ গোলাঘাট জিলাৰ বিহৰা গৰু বজাৰৰ পৰা গৰু আৰু ম'হ লৈ আহি থকাৰ খবৰ পাই কলিয়াবৰ আৰক্ষীয়ে চৈধ‍্যখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। গাড়ীকেইখনৰ চালক-হেণ্ডিমেনসহ মুঠ চল্লিশজন লোকক গ্ৰেপ্তাৰ কৰে কলিয়াবৰ আৰক্ষীয়ে।

NAGAON KALIABOR ILLEGAL CATTLE RECOVER, CATTLE SMUGGLING ASSAM
চোৰাংকৈ সৰবৰাহ কৰা পশুধনৰ এটা দৃশ্য
চোৰাং গৰু পাৰ কৰাৰ বিনিমিয়ত কাক কিমান দিব লাগে ?

অভিযোগ উত্থাপন হৈছে যে, এই চোৰাং গৰু সৰবৰাহৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে একাংশ ঘোচখোৰ আৰক্ষী বিষয়াও ৷ দেওবাৰে বৃহৎ সংখ্যক পশুধন জব্দ কৰাৰ পিচত মুখা খোল খাইছে একাংশ দুৰ্নীতি পৰায়ণ আৰক্ষীৰ গোপন কাহিনী ৷ অভিযোগ অনুসৰি বোকাখাট আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত গৰু ভৰ্তি বাহন পাৰ কৰি দিয়ে। তাৰোপৰি বুঢ়াপাহাৰত পৰিবহন বিভাগৰ ইণ্টাৰচেপ্তৰ গাড়ীখনকো পাঁচশ টকাকৈ দিব লাগে,আনহাতে পিছপৰি ৰোৱা নাই একাংশ দল সংগঠনৰ নেতাও ৷ গৰুৰ চোৰাং বেহাৰ লগত জড়িত থকাসকলে দল সংগঠনৰ নেতাকো ধন দিব লাগে গৰু পাৰ কৰাৰ বিনিময়ত ৷ দেওবাৰে কলিয়াবৰ আৰক্ষীৰ অভিযানত জব্দ হোৱা মুঠ পশুধনৰ সংখ্যা হৈছে- ১৪৬, ইয়াৰ ভিতৰত ম'হৰ সংখ্যা হৈছে-৫৫ টা আৰু গৰুৰ সংখ্যা হৈছে- ৫১ টা ৷

১৪৬ টা পশুধন সহ ১৪খন বাহন জব্দ কলিয়াবৰত, আটক ৪0 জন
গৰু ভৰ্তি গাড়ী কেইখনৰ নম্বৰ হ'ল –জব্দকৃত গাড়ীকেইখন AS-12BC-2595, AS-02BC-7970, AS-02BC-9384, AS-02BC-3623, AS-02CC-0189, AS-02CC -1808,AS-05C-5463, AS-02BC-0347, AS-02CC-1309, AS-03BC-6051,AS-01LC-2319, AL-01AD-0941,AS-01KC-5543 আৰু AS-02BC-9059
NAGAON KALIABOR ILLEGAL CATTLE RECOVER, CATTLE SMUGGLING ASSAM
চোৰাং পশুধন সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা আৰক্ষীৰ দলটো

আনহাতে ধৃত পশুধনৰ অবৈধ সৰবৰাহকাৰী কেইজন হৈছে ইমতাজ ৰহমান,আব্দুল খলিফ,চোৰাবউদ্দিন, হবিজুল ইছলাম,আব্দুল কাচিম,ৰমিজউদ্দিন,আব্দুল ৰহমান,নুৰুল হক,আলাউদ্দিন,গুলজাৰ হুছেইন,চাইদুল ইছলাম,হিবজুৰ ৰহমান,চাইফুল ইছলাম,মফিদুল ইছলাম,মোস্তাফা,খাইৰুল ইছলাম,ৰবিউল,আইজুল হক, ইমতিয়াজ ৰহমান,নজৰুল ইছলাম,নবি হুছেইন,চাইফুল ইছলাম,ফাইজুল ইছলাম,ফৰুদূল ইছলাম,জমিৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।

লগতে চাওকঃউত্তৰ-পূব গ্ৰন্থমেলাৰ অন্তৰংগ অনুষ্ঠানত অভিনেতা যতীন বৰা

Intro:গৌ-মাতা পূজনৰ পোষকতা কৰা চৰকাৰৰ দিনত গৌ-মাতাৰ বিলাই

চালকৰ মুখেৰে বহু বিস্ফোৰক তথ‍্য

বোকাখাট আৰক্ষীক ধন দি পাৰ হয় চোৰাং গৰু-ম'হ ভৰ্তি বাহন

অসম পৰিবহন বিভাগৰ পৰিদৰ্শকক প্ৰতি বাহনে দিব লাগে পাঁচশ টকাকৈ

কলিয়াবৰ আৰক্ষীয়ে জব্দ কৰে চৈধ‍্যখন গৰু আৰু ম'হ ভৰ্তি

ইয়াৰে তিনিখন ট্ৰাক আৰু এখন ব'লেৰ' পিক-আপ ভানত ম'হBody:ৰাজ‍্যত এতিয়াও সক্ৰিয় হৈ আছে চোৰাং গৰু ব‍্যৱসায়ী চক্ৰ। এই চক্ৰটোক সাৰ-পানী যোগাইছে চৰকাৰী পক্ষ আৰু আৰক্ষী প্ৰশাসনৰ এচাম দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী।

দেওবাৰে কলিয়াবৰ আৰক্ষীৰ হাতত জব্দ হোৱা চৈধ‍্যখন পশুধন ভৰ্তি বাহনে পুণৰ প্ৰমাণ কৰিলে বৰ্তমান চৰকাৰৰ দুমুখীয়া চৰিত্ৰৰ কথা। ৰাজ‍্যৰ আইন-শৃঙ্খলা অটুত ৰখাৰ হুঙ্কাৰ দিয়া গৃহ বিভাগৰ চৰম দুৰ্নীতি উদঙাই দিছে আজি জব্দ হোৱা বাহন কেইখনে।

গোলাঘাট জিলাৰ বিহৰা গৰু বজাৰৰ পৰা গৰু আৰু ম'হ লৈ আহি থকাৰ খবৰ পাই কলিয়াবৰ আৰক্ষীয়ে উল্লিখিত চৈধ‍্যখন গাড়ী জব্দ কৰে। গাড়ীকেইখনৰ চালক-হেণ্ডিমেন মুঠ চল্লিশজন লোকক গ্ৰেপ্তাৰ কৰে।

বোকাখাট আৰক্ষীক প্ৰতিবাৰতে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত গৰু ভৰ্তি বাহন পাৰ কৰি দিয়ে। তাৰোপৰি বুঢ়াপাহাৰত পৰিবহন বিভাগৰ ইণ্টাৰ্চেপ্টৰ গাড়ীখনকো পাঁচশ টকাকৈ দিব লাগে, আনহাতে বহু সংগঠনৰ নেতাকো ধন আদায় দিব লাগে।

মুঠ পশুধন ১৪৬, ইয়াৰে ম'হ ৫৫ টা আৰু ৯১ টা গৰু।
গৰু ভৰ্তি গাড়ী কেইখনৰ নম্বৰ হ'ল –
জব্দকৃত গাড়ীকেইখন এ এচ ১২ বিচি - ২৫৯৫ ,এ এচ০২ বিচি - ৭৯৭০,এ এচ০২ বি চি - ৯৩৮৪,এ এচ ০২ বি চি -৩৬২৩,এ এচ০২ চি চি - ০১৮৯,এ এচ০২ চিচি- ১৮০৮,এএচ ০৫চি - ৫৪৬৩,এ এচ ০২ বিচি - ০৩৪৭,এ এচ০২ চি চি - ১৩০৯,এএচ০৩ ব চি - ৬০৫১,এ এচ০১ এল চি- ২৩১৯,এ এল০১ এ ডি - ০৯৪১,এ এচ০১ কে চি - ৫৫৩৪ আৰু এ এচ০২ বি চি - ৯০৫৯। আনহাতে ধৃত পশুধনৰ অবৈধসৰবৰাহকেইজনক ইমতাজ ৰহমান, আব্দুল খলিফ, চোৰাবউদ্দিন, হবিজুল ইছলাম, আব্দুল কাচিম, ৰমিজউদ্দিন, আব্দুল ৰহমান, নুৰুল হক, আলাউদ্দিন, গুলজাৰ হুছেইন, চাইদুল ইছলাম, হিবজুৰ ৰহমান, চাইফুল ইছলাম, মফিদুল ইছলাম, মোস্তাফা,খাইৰুল ইছলাম, ৰবিউল, আইজুল হক, ইমতিয়াজ ৰহমান, নজৰুল ইছলাম, নবি হুছেইন, চাইফুল ইছলাম,ফাইজুল ইছলাম, ফৰুদূল ইছলাম,জমিৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।

গৌ-মাতা পূজনৰ বিধান দিয়া চৰকাৰৰ মুখ‍্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগৰ অকৰ্মন‍্যতাত পাণ জপাদি জাপি অনা বাহনকেইখনত গৰু-ম'হৰ বিলাই দেখি
সকলোৱে একেমুখে ধিক্কাৰ দিছে।Conclusion:visuals
bites
Last Updated : Nov 11, 2019, 11:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.