ETV Bharat / state

নগাওঁ আৰক্ষীৰ জালত চিকিৎসালয়ৰ পৰা পলায়ন কৰা আৰ্জু আলী

author img

By

Published : May 16, 2020, 10:53 AM IST

nagaon-firing-incident-update
নগাওঁ আৰক্ষীৰ জালত চিকিৎসালয়ৰ পৰা পলায়ন কৰা আৰ্জু আলী

চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছত আৰক্ষীয়ে আৰ্জু আলীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব । অসম আৰক্ষীৰ প্ৰাক্তন জোৱান আৰ্জু আলী পূৰ্বৰে পৰা অসামাজিক কাৰ্য্যৰ সৈতে জড়িত থকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

নগাঁও, 16 মে‘ : পুনৰ নগাওঁ আৰক্ষীৰ জালত পৰিছে চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হোৱা আৰ্জু আলী । পলায়নৰ চেষ্টা কৰাৰ সময়তে নগাওঁ আৰক্ষীয়ে আটক কৰে আৰ্জু আলীক । শুক্ৰবাৰে নগাঁৱৰ বৰবজাৰত আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত আহত হৈছিল আৰ্জু আলী নামৰ লোকজন । যাৰ পাছতেই লোকজনক নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ সন্ধিয়া চিকিৎসালয়ৰ কেণ্টিনলৈ যোৱাৰ কথা কৈ নোহোৱা হৈছিল আৰ্জু আলী । পলায়নৰ চেষ্টা কৰাৰ সময়তে নগাওঁ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক মানস শইকীয়া, নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাসৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰ্জু আলীক ।

নগাওঁ আৰক্ষীৰ জালত চিকিৎসালয়ৰ পৰা পলায়ন কৰা আৰ্জু আলী

আটক কৰি ধৃত লোকজনক আৰক্ষীৰ জিম্মাতে পুনৰ ভৰ্ত্তি কৰোৱা হয় নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত । চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছত আৰক্ষীয়ে আৰ্জু আলীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব । অসম আৰক্ষীৰ প্ৰাক্তন জোৱান আৰ্জু আলী পূৰ্বৰে পৰা অসামাজিক কাৰ্য্যৰ সৈতে জড়িত থকা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : ওৰাঙৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত 1

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.