ETV Bharat / state

নগাঁৱত এপিডিচিএল কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Oct 19, 2020, 5:09 PM IST

nagaon-apdcl-worker-protest
নগাঁৱত এ পি ডি চি এল কৰ্মচাৰীৰ প্ৰতিবাদ

'অৱজাৰভেশ্যন প্ৰটেষ্ট ডে' শীৰ্ষক এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিদ্যুত খণ্ডৰ কৰ্মচাৰীসকলে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ দমনমূলক নীতিকো ক্ষুৰধাৰ সমালোচনা কৰে ।

নগাঁও, 19 অক্টোবৰ : শক্তিখণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল এপিডিচিএল কৰ্মচাৰী ৷ সোমবাৰে শক্তিখণ্ড ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হৈ পৰিল বিভাগটোৰ মধ্য অসম মণ্ডলৰ নগাঁও বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্য্যালয় । হাতে হাতে প্লেকাৰ্ড লৈ ব্যক্তিগতকৰণ বাতিল কৰাৰ দাবীত শক্তিখণ্ডৰ ঐক্যমঞ্চ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ অসম শাখাৰ নগাঁও জিলা সমিতিয়ে এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । 'অৱজাৰভেশ্যন প্ৰটেষ্ট ডে' শীৰ্ষক এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শক্তিখণ্ডৰ কৰ্মচাৰীসকলে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ দমনমূলক নীতিকো ক্ষুৰধাৰ সমালোচনা কৰে ।

nagaon-apdcl-worker-protest
নগাঁৱত এ পি ডি চি এল কৰ্মচাৰীৰ প্ৰতিবাদ

লগতে পঢ়ক: নাৰায়ণপুৰৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰমী প্ৰয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.