ETV Bharat / state

প্ৰশ্নকাকতৰ ফটো তোলাকলৈ নগাঁৱত উত্তেজনাপূৰ্ণ পৰিস্থতি

author img

By

Published : Apr 28, 2019, 4:12 PM IST

নগাঁৱত ফাদিল এ পি ডি চি এল পৰীক্ষাৰ প্ৰশ্নকাকত

নগাঁৱত এ পি ডি চি এল পৰীক্ষাকেন্দ্ৰত এজন শিক্ষকে মোবাইলত প্ৰশ্নকাকতৰ ফটো তোলাৰ পাছতে উত্তপ্ত পৰিস্থতিৰ সৃষ্টি । অৱশেষত আৰক্ষীয়ে আটক কৰে প্ৰশ্নকাকত ফাদিল কৰাৰ অভিযোগ উত্থাপিত শিক্ষকজনক ।

নগাঁও,২৮ এপ্ৰিলঃ নগাঁৱত এ পি ডি চি এল পৰীক্ষাকেন্দ্ৰত পৰীক্ষাৰ প্ৰশ্নকাকতৰ ফটো তোলাৰ পাছতে উত্তপ্ত পৰিস্থতিৰ সৃষ্টি । নগাঁও বাঙালী বালিকা হাইস্কুলত দেওবাৰে পৰীক্ষা চলি থকাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । পৰীক্ষা চলি থকাৰ সময়তে নন্দন ৰয় নামৰ এজন শিক্ষকে মোবাইলত এগৰাকী ছাত্ৰৰ প্ৰশ্ন কাকতৰ ফটো লোৱাৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি ।

এ পি ডি চি এল প্ৰশ্নকাকতৰ ফটো তোলাকলৈ নগাঁৱত উত্তেজনাপূৰ্ণ পৰিস্থতিৰ সৃষ্টি

ক্ৰমান্বয়ে পৰিৱেশ বেয়ালৈ ঢাল খোৱাত নগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আটক কৰে প্ৰশ্নকাকতৰ ফটো তোলা শিক্ষকজনক । ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

Intro:এ পি ডি চি এল ৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ নগাঁৱত উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে আটক কৰিলে শিক্ষকক। Body:এ পি ডি চি এল ৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগত নগাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। নগাওঁ বঙালী বালিকা হাইস্কুলত দেওবাৰে পৰীক্ষা চলি থকাৰ সময়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পৰীক্ষা চলি থকাৰ সময়তে নন্দন ৰয় নামৰ শিক্ষকে এগৰাকী ছাত্ৰৰ প্ৰশ্ন কাকত ফাদিলৰ উদ্দেশ্য মোবাইলত ফটো লোৱাৰ পিছতেই সৃষ্টি হয় উত্তেজনাৰ। একাংশ ছাত্ৰ ছাত্ৰীয়ে পৰিবেশ উত্তাল কৰি তোলাত নগাওঁ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে শিক্ষকজনক আটক কৰে। প্ৰশ্ন কাকত ফাদিল কৰা সন্দৰ্ভত নগাওঁ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
--------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
28-4-19
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.