ETV Bharat / state

ড্ৰাগছৰ পাচত এইবাৰ নগাঁৱত জব্দ লালি গুৰ

author img

By

Published : Jun 18, 2021, 10:20 PM IST

Updated : Jun 18, 2021, 10:50 PM IST

molasses seized in Nagaon after drugs_
ড্ৰাগছৰ পাচতে নগাঁৱত লালি গুৰ জব্দ

শুকুৰবাৰে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও নগৰ শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষীয়ে নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই নগাঁৱৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দেৰগাঁৱলৈ লৈ গৈ থকা অৱস্থাতে AS-02-BC-8653 নম্বৰৰ বলেৰ' পিক আপ বাহনৰ পৰা বৃহৎ পৰিমানৰ লালি গুৰ জব্দ কৰাৰ লগতে চালকসহ এজন লোকক আটক কৰে ৷

চামগুৰি, 18 জুন : ৰাজ্যৰ লগতে নগাঁৱতো অব্যাহত আছে ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ প্ৰতিখন জিলাৰ জিলা প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান চলাই থকাৰ সময়তে শুকুৰবাৰে লালি গুৰৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে অভিযান চলাই নগাঁৱৰ চামগুৰিত ৷ এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও নগৰ শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষীয়ে নিশা চলোৱা অভিযানত আমনিৰ পৰা এখন চাৰিচকীয়া বাহনসহ বৃহৎ পৰিমানৰ লালি গুৰ জব্দ কৰাৰ লগতে চালকসহ এজন লোকক আটক কৰে আৰক্ষীৰ দলটোৱে ৷ নগাঁৱৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দেৰগাঁৱলৈ লৈ গৈ থকা অৱস্থাতে AS-02-BC-8653 নম্বৰৰ বলেৰ' পিক আপ বাহনখন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

ড্ৰাগছৰ পাচত এইবাৰ নগাঁৱত জব্দ লালি গুৰ

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত নানান অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে যদিও লক্ ডাউনৰ সময়ছোৱাতে নতুনকৈ গঢ় লৈ উঠিছে বহু ড্ৰাগছৰ ঘাটি ৷ আবকাৰী বিভাগ তথা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ লোকে জিলাখনৰ অলিয়ে-গলিয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছে চুলাই মদৰ লগতে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ এই বেহাই বহু ব্যক্তিৰ জীৱনলৈ অমানিশা নমাই আনিছে ৷ কিন্তু শেহতীয়াভাৱে আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পাচতে ইয়াৰ বিৰুদ্ধে শেহতীয়াকৈ আৰক্ষী প্ৰশাসন অধিক সজাগ হোৱা দেখা গৈছে ৷

ইফালে, ক'ভিড-19ৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰিবৰ বাবে সমগ্ৰ দেশ তথা ৰাজ্যত বলবৎ কৰা হৈছে লক ডাউন তথা আংশিক লক ডাউন ৷ এই আংশিক লক ডাউনৰ সময়ত আৰক্ষীৰ চকুত ধূলিত দি একাংশ লোকে প্ৰশাসনৰ নীতি-নিয়মক বুঢ়া আঙুলি দেখুৱাই লক ডাউন অমান্য কৰি মদ-জুৱাৰ আড্ডা পতাৰ লগতে ড্ৰাগছৰ বেহা চলাই অহা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: সুৰাৰ বিৰুদ্ধে দেৰগাঁৱত আৰক্ষীৰ অভিযান

Last Updated :Jun 18, 2021, 10:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.