ভিক্টৰ দাসৰ নিলম্বনক আখেজমূলক আখ্যা ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ

author img

By

Published : Sep 21, 2022, 1:48 PM IST

MLA  Nurul Huda Reactions on Victor das suspension

শিক্ষা সঞ্চালকালয়ে মঙলবাৰৰ দিনটোত ভিক্টৰ দাসক নিলম্বন কৰাৰ পাছতে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে (Victor Das suspended)৷ চৰকাৰী শিক্ষক হৈ থকাৰ পাছতো ব্যক্তিগতভাৱে কোচিং চলাই থকাৰ অভিযোগ তুলি শিক্ষা সঞ্চালকালয়ে চাকৰিৰ পৰা নিলম্বন কৰিছিল ভিক্টৰ দাসক (Allegation against Victor Das) ৷

নগাঁও,21 ছেপ্টেম্বৰ : ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন সন্দৰ্ভত সৰৱ ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা (Nurul Huda criticized BJP govt) ৷ ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰা কাৰ্যক অগণতান্ত্ৰিক আখ্যা দিয়ে বিধায়কগৰাকীয়ে(Victor Das suspended) ৷ পূৱ পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্মৰত ভিক্টৰ দাসে তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ ৷

অসম চৰকাৰৰ প্ৰতিটো পদৰ নিযুক্তিৰ বাবদ ৩ লাখৰ পৰা ৮ লাখ টকালৈ ধনৰ লেনদেন চলাৰ লগতে চাকৰি কিনা-বেচা প্ৰক্ৰিয়াৰ আঁৰত প্ৰাক্তন বিধায়ক জড়িত থকা বুলিও অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ সঞ্চালক প্ৰধানক উদ্দেশ্যি টুইট কৰিছিল ভিক্টৰ দাসে । ইয়াৰ পাছতে এই টুইটক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ভিক্টৰ দাস সন্দৰ্ভত আৰক্ষী-প্ৰশাসনে তৎপৰ ভূমিকা গ্ৰহণ কৰি পাণবজাৰ আৰক্ষীয়ে মাৰাথন জেৰা চলাই ৯ ছেপ্টেম্বৰত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰে ৷

ভিক্টৰ দাসৰ নিলম্বনক আখেজমূলক আখ্যা ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পাছতে শনিবাৰে মুকলি আকাশৰ তললৈ আহে ভিক্টৰ দাস আৰু মঙলবাৰে শিক্ষা সঞ্চালকালয়ে ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰে (Victor Das got bail) ৷ চৰকাৰী শিক্ষক হোৱাৰ পাছতো ব্যক্তিগতভাৱে কোচিং চলাই থকাৰ অভিযোগ তুলি শিক্ষা সঞ্চালকালয়ে চাকৰিৰ পৰা নিলম্বন কৰে ভিক্টৰ দাসক (Allegation against Victor Das)৷

ভিক্টৰ দাসৰ নিলম্বন সন্দৰ্ভত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ভিক্টৰ দাসৰ নিলম্বনক আখেজমূলক তথা হঠকাৰী আখ্যা দিয়ে ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাই (Nurul Huda criticized BJP govt) ৷ ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰা কাৰ্যক অগণতান্ত্ৰিক আখ্যা দিয়ে বিধায়কগৰাকীয়ে (Reactions on Victor das suspension) ৷

বিজেপি চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যিয়েই মাত মাতিব তেওঁকেই গ্ৰেপ্তাৰ কৰাৰ ইংগিত বহন কৰিছে ভিক্টৰ দাসৰ ক্ষেত্ৰত শেহতীয়াকৈ গ্ৰহণ কৰা কৰ্ম-কাণ্ডৰ পৰা ৷ নাভূত-নাশ্ৰুত ধাৰা জাপি দি গ্ৰেপ্তাৰ কৰা ভিক্টৰ দাসক নিলম্বনৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায় বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: ভিক্টৰৰ ওপৰত লগোৱা গোচৰৰ উত্তৰ বিচাৰি মহানগৰ আৰক্ষীলৈ পত্ৰ সঞ্চালক প্ৰধানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.