ভিক্টৰৰ ওপৰত লগোৱা গোচৰৰ উত্তৰ বিচাৰি মহানগৰ আৰক্ষীলৈ পত্ৰ সঞ্চালক প্ৰধানৰ

author img

By

Published : Sep 18, 2022, 2:31 PM IST

DGP Bhaskar Jyoti Mahanta's letter to city police

ভিক্টৰ দাসৰ বিষয়কলৈ মহানগৰ আৰক্ষীলৈ পত্ৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ ৷ নিৰ্দিষ্ট সময়ৰ ভিতৰত উত্তৰ দিব লাগিব মহানগৰ আৰক্ষীয়ে ।

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ: ভিক্টৰ ওপৰত লগোৱা গোচৰৰ উত্তৰ বিচাৰি মহানগৰ আৰক্ষী লৈ পত্ৰ প্ৰেৰণ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই । এই সন্দৰ্ভত দুই এদিনত প্ৰতিবেদন দাখিল কৰিব মহানগৰ আৰক্ষীয়ে ৷ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই দেওবাৰে এক সংবাদমেল জৰিয়তে জানিবলৈ দিয়ে এই কথা ।

সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, ভিক্টৰ দাসৰ সমুদায় বিষয়টোক লৈ মহানগৰ আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছো । নিৰ্দিষ্ট সময়ৰ ভিতৰত উত্তৰ দিব লাগিব মহানগৰ আৰক্ষীয়ে । সমগ্ৰ বিষয়টো আদালতৰ মজিয়াত আছে । আদালতে যি ৰায় দিয়ে সেই মতে কাম কৰা হ’ব বুলি জানিবলৈ দিয়ে সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ।

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত

উল্লেখ্য যে ভিক্টৰ দাসে তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটত অভিযোগ উত্থাপন কৰিছিল । প্ৰতিটো পদৰ বাবে ৩ লাখ টকাৰ পৰা ৮ লাখ টকালৈ ধনৰ লেনদেন চলাৰ লগতে চাকৰি কিনা-বেচা প্ৰক্ৰিয়াৰ আঁৰত প্ৰাক্তন বিধায়ক থকা বুলিও অভিযোগ কৰিছিল ভিক্টৰে । মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ সঞ্চালক প্ৰধানক উদ্দেশ্যি ভিক্টৰ দাসে এই টুইটো কৰিছিল ।

এই টুইটক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ইয়াৰ পিছতে পানবজাৰ আৰক্ষীয়ে মাৰাথান জেৰা চলাই ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাসক(Victor das in police custody) । ১৬ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল ভিক্টৰ দাসৰ । ২৯ ছেপ্টেম্বৰলৈ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে(Victor Das got bail) । গুৱাহাটী উচ্চ ন্যায়লয়ে জামিন মঞ্জুৰ কৰাৰ পিছতে শনিবাৰে মুকলি আকাশৰ তললৈ আহে ভিক্টৰ দাস ।

লগতে পঢ়ক: বাঘমাৰীত গ্ৰেপ্তাৰ হোৱা বাংলাদেশীৰ লগত কোনো বেয়া লিংক পোৱা নাই: ডি জি পি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.