ETV Bharat / state

পীযুষ হাজৰীকাৰ মতে কাজিৰঙাত বিজেপি মিত্ৰজোঁট জিকিব

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 5:31 PM IST

Kaziranga Lok Sabha constituency
কলিয়াবৰত মন্ত্ৰী পীযুষ হাজৰীকা

Kaziranga Lok Sabha Constituency : কাজিৰঙা লোকসভা সমষ্টিত বিজপি জয়ী হ’ব বুলি ক’লে পীযুষ হাজৰীকাই ৷ মন্ত্ৰী হাজৰীকাৰ মতে বিজেপি দলত এতিয়া নতুন মুখৰ বাবে নিৰ্বাচনৰ টিকট খালী নাই ৷

কলিয়াবৰত মন্ত্ৰী পীযুষ হাজৰীকা

কলিয়াবৰ, 19 ডিচেম্বৰ : সমাগত লোকসভা নিৰ্বাচন ৷ প্ৰতিগৰাকী নেতা-মন্ত্ৰীৰ মুখত এতিয়া কেৱল কোন কোন সমষ্টিত তেওঁলোকৰ দলৰ প্ৰাৰ্থী জিকিব, বিৰোধী দলৰ প্ৰাৰ্থী ক’ত ক’ত হাৰিব সেয়াই কথা ৷

নতুনকৈ সীমা নিৰ্দ্ধাৰণ হোৱা কাজিৰঙা সমষ্টিত সমাগত লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়েই জিকিব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ অৱশ্যে ‘আমি’ বুলি ক‌ওঁতে কাজিৰঙাৰ আসনখন মিত্ৰজোঁট অগপক এৰি দিব নে বিজেপিৰ প্ৰাৰ্থীয়েই প্ৰতিদ্বন্দিতা কৰিব সেই লৈ কাজিৰঙা সমষ্টিৰ ভোটাৰৰ বাবে চিত্ৰখন ধূসৰ হৈয়ে আছে ।

আনহাতে, কংগ্ৰেছ য়ে বিজেপিত যোগদানৰ সম্ভাৱনাৰ বিষয়ে মন্ত্ৰী হাজৰীকাই কয়, ‘‘ বিজেপি দলত কোন দলৰ নেতাই যোগদান কৰিবলৈ মন মেলিছে সেই বিষয়ে মই একো নাজানো। কিন্তু বিজেপি দলত টিকট দিব পৰাকৈ কোনো আসন খালী নাই ।’’

বিজেপি দলত টিকট দিব নোৱাৰা বাবেই কংগ্ৰেছৰ বহু নেতা বিজেপিলৈ অহা নাই বুলি মন্তব্য কৰে পীযুষ হাজৰীকাই । মঙলবাৰে কলিয়াবৰত মন্ত্ৰী হাজৰীকাই এই মন্তব্য কৰে । তেওঁ কয়, ‘‘ এইটো ঠিক যে বিজেপিত যোগদান কৰিবলৈ বিচাৰিছে বহু কংগ্ৰেছ নেতাই । এই বিষয়ে যোগাযোগ চলি থাকে । তেনে নেতাক কিন্তু বিজেপিত টিকট দিব নোৱাৰাৰ বাবেই বহু কংগ্ৰেছ, এজেপিৰ নেতাই যোগদান কৰা নাই ।’’

এই মুহূৰ্তত বিজেপিত যোগদান কৰিলেই টিকট পোৱাৰ পৰিৱেশ নাই বুলি মন্তব্য কৰি পীযুষ হাজৰীকাই কয় যে বিজেপি দলতে এনে বহু যোগ্য নেতা আছে । গতিকে, আন দলৰ নেতাৰ বাবে বিজেপি দলত Vacancy নাই বুলি কয় পীযুষ হাজৰীকাই ।

লগতে পঢ়ক: বিৰোধী মিত্ৰজোঁটৰ দিল্লী বৈঠক আৰম্ভ; ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ আশা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.