ETV Bharat / state

কলিয়াবৰত কেন্দ্ৰীয় পালনাম থানৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

author img

By

Published : Jan 28, 2021, 5:59 PM IST

foundation stone of palnam than
কলিয়াবৰত কেন্দ্ৰীয় পালনাম থানৰ আধাৰশিলা স্থাপন

বৃহস্পতিবাৰে কলিয়াবৰত একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় পালনাম থানৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ ৷ উল্লেখ্য যে, 4 কোটি 78 লাখ টকা ব্যয়ৰে নিৰ্মাণ হ’ব এই কেন্দ্ৰীয় পালনাম থান ৷

কলিয়াবৰ,28 জানুৱাৰী : নগাঁৱৰ কলিয়াবৰত বৃহস্পতিবাৰে একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় পালনাম থানৰ আধাৰশিলা স্থাপন কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷ মুঠ 4 কোটি 78 লাখ টকা ব্যয়ৰে নিৰ্মাণ হ’ব এই পালনাম থান ৷

উল্লেখ্য যে, বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় পালনাম থানৰ আধাৰশিলা স্থাপনৰ কাম আৰম্ভ হৈছে ৷ খোল-তাল, দেৱবাদ‍্য আৰু ঘোষাপদৰ অমিয়া ধ্বনিৰ মাজেৰে শত-সহস্ৰ ভক্তপ্ৰাণ বৈষ্ণৱৰ উপস্থিতিত মৌচন্দা পথাৰত অত‍্যাধুনিক সা-সুবিধা তথা সুদৃঢ়তাৰে পালনাম থানৰ নিৰ্মাণৰ পৰিকল্পনা এতিয়া বাস্তৱ হোৱাৰ দিশে ৷

কলিয়াবৰত কেন্দ্ৰীয় পালনাম থানৰ আধাৰশিলা স্থাপন

আধাৰশিলা স্থাপনৰ মূল অনুষ্ঠানত মুখ‍্য অতিথিৰূপে উপস্থিত থাকে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ তেওঁ পালনাম থানৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছিল যদিও বুধবাৰে নিশাই মন্ত্ৰীগৰাকীয়ে পালনাম থানত উপস্থিত থাকি সমাজৰ বিষয়-ববীয়া তথা কৰ্মকৰ্তাসকলক সম্বোধন কৰে ।

অনুষ্ঠানটোত 50 লাখ টকাৰ প্ৰাৰম্ভিক অনুদানৰ লগতে অনাগত সময়চোৱাতো চৰকাৰে সহায়-সহযোগ আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আনহাতে মন্ত্ৰী কেশৱ মহন্তই মুকলি সভাত অংশগ্ৰহণ কৰি অসমীয়া সমজ গঠনত গুৰুজনাৰ অৱদানক সাৰোগত কৰি বৈষ্ণৱ পণ্ডিত ইলাৰাম দাসৰ নেতৃত্বত গঠন হোৱা একশৰণ ভাগৱতী সমাজৰ কৰ্ম-নিষ্ঠাৰ শলাগ লয় ৷

লগতে পঢ়ক : শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শন কামৰূপ জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.