ETV Bharat / state

Independence Day 2023: নগাঁৱতো উদযাপন 'মেৰী মাটি মেৰা দেশ' মাটি কো নমন, বীৰো কা বন্দন অভিযান

author img

By

Published : Aug 13, 2023, 10:51 PM IST

Meri Maati Mera Desh event in Nagaon
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নগাঁৱত বিশেষ অনুষ্ঠান

দেশৰ শ্বহীদ বীৰ পুৰুষক সন্মান জনাই নগাঁৱত উদযাপন 'মেৰী মাটি মেৰা দেশ' মাটি কো নমন, বীৰো কা বন্দন অভিযান ৷ নগাঁও সদৰৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত নিৰ্মীয়মান ড৹ ভূপেন হাজৰিকা কলাতীৰ্থৰ চৌহদত অমৃত বাগিচা স্থাপন কাৰ্যসূচী অনুষ্ঠিত হয় ৷

নগাঁও, ১৩ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নগাঁৱত বিশেষ অনুষ্ঠান ৷ দেশৰ শ্বহীদ বীৰ পুৰুষক সন্মান জনাই নগাঁৱত উদযাপন 'মেৰী মাটি মেৰা দেশ' মাটি কো নমন, বীৰো কা বন্দন অভিযান ৷

ভাৰতৰ স্বাধীনতাই ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে সমগ্ৰ দেশ জুৰি উদযাপিত আজাদী কা অমৃত মহোৎসৱৰ চূড়ান্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক আন্তৰিক পদক্ষেপ 'মেৰী মাটি মেৰা দেশ' মাটি কো নমন, বীৰো কা বন্দন অভিযান ৷ ২০২৩ চনৰ ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ দেশৰ শ্বহীদ বীৰ পুৰুষ-মহিলাসকলক সন্মান জনাই নগাঁও জিলাতো উদযাপন কৰা হৈছে এই অনুষ্ঠানৰ ৷ সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা এই অনুষ্ঠানৰ অংশ হিচাপে দেওবাৰে নগাঁও চহৰাঞ্চলৰ বাবে নগাঁও সদৰৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত নিৰ্মীয়মান ড৹ ভূপেন হাজৰিকা কলাতীৰ্থৰ চৌহদত অমৃত বাগিচা স্থাপন কাৰ্যসূচী অনুষ্ঠিত হয় ৷

Meri Maati Mera Desh event in Nagaon
নগাঁৱতো উদযাপন মেৰী মাটি মেৰা দেশ কাৰ্যসূচী

কাৰ্যসূচীৰ অংশ হিচাবে চৌহদটোৰ চাৰিওফালে ৭৫টা সাঁচি গছৰ পুলি ৰোপণ কৰা হয় ৷ উল্লেখ্য যে এই অমৃত বাগিচা স্থাপনৰ কাৰ্যসূচী সমগ্ৰ জিলাৰ প্ৰতিখন গাঁও পঞ্চায়ততো আয়োজন কৰা হৈছে ৷ অনুষ্ঠানত নগাঁও পৌৰসভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ, নগাঁও পৌৰসভাৰ ৱাৰ্ড আয়ুক্ত, এডিচি ফিলিছ ভি এল এইচ ৰাংচাল, নগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া শিল্পী পণ্ডিত, জিলাখনৰ বিশিষ্ট নাগৰিক, সাংবাদিক সমাজৰ সদস্য, নগাঁও জিলা প্ৰশাসনৰ বিষয়াসকল আৰু নগাঁও পৌৰসভাৰ বিষয়া-কৰ্মচাৰীসকলো উপস্থিত থাকে ৷

উল্লেখযোগ্য যে, ভাৰতৰবৰ্ষৰ 77 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে অসতো জিলাই জিলাই চলিছে ব্যাপক প্ৰস্তুস্তি ৷ জিলা প্ৰশাসনৰ উদ্যোগত, জিলা সদৰত আয়োজিত হ’ব লগা স্বাধীনতা দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ বাবে ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি ৷ ইফালে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ জিলাই জিলাই হাতত লোৱা হৈছে বিশেষ কাৰ্যসূচী ৷

লগতে পঢ়ক : 77th Independence Day 2023 : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ দুটা স্থানত হাই মাষ্ট ত্ৰিৰংগা উত্তোলন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.