ETV Bharat / state

Reshuffle in Assam Police: নগাঁৱত ৫ পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষী বিষয়াৰ ৰদবদল

author img

By

Published : May 27, 2023, 9:45 AM IST

Updated : May 27, 2023, 1:07 PM IST

Reshuffle in Assam Police
নগাঁৱত পৰিদৰ্শক পৰ্যায়ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ৰদবদল

নগাঁও আৰক্ষীত পুনৰ ৰদবদল । পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষী বিষয়াৰ ৰদবদল নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ । মনোজ ৰাজবংশীৰ নিলম্বনৰ পিচত পাৰ্থ প্ৰতীম সিঙক নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব (Major Reshuffle In Nagaon Police) ।

নগাঁও, ২৭ মে’: এছ আই জোনমণি ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বদলি হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষককে ধৰি অতিৰিক্ত আৰক্ষী অধীক্ষক (Major Reshuffle In Nagaon Police) । নগাঁৱৰ পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলেৰ বদলিৰ পিচত জিলাখনৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈয়েই নগাঁৱৰ কেইবাগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বদলিৰ নিৰ্দেশ দিয়ে নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক নৱনীত মহন্তই । শুকুৰবাৰে এক নিৰ্দেশযোগে নগাঁৱৰ পৰিদৰ্শক পৰ্যায়ৰ পাঁচগৰাকীকৈ ভাৰপ্ৰাপ্ত বিষয়াক বদলি কৰে আৰক্ষী অধীক্ষক নৱনীত মহন্তই (SP Nabaneet Mahanta) ।

প্ৰাপ্ত তথ্য মতে, এক নিৰ্দেশনা অনুসৰি নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতীম সিঙক । একেদৰে ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীত কুমাৰ ৰয়ক কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে । একেটা নিৰ্দেশতে বটদ্ৰৱাৰ চক্ৰ পৰিদৰ্শক অসীম বৰাক বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব প্ৰদান কৰা হয় । আৰক্ষী পৰিদৰ্শক বলৰাম তেৰাঙক ৰূপহী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব প্ৰদান কৰা হয় । এই নিৰ্দেশনা অনুযায়ী আৰক্ষী পৰিদৰ্শক জেকচন মুচাহাৰীক ৰূপহী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব প্ৰদান কৰা হয় ।

উল্লেখযোগ্য, এছ আই জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত (Junmoni Rabha mysterious death) নাম সাঙোৰ খাইছিল নগাঁও সদৰ আৰক্ষী থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, হয়বৰগাঁও আৰক্ষী চকীৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভা, পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলে, ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰ্শ্বাদৰ নাম । ইয়াৰে সদৰ আৰক্ষী থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীক প্ৰথমে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি আৰু পৰৱৰ্তী সময়ত নিলম্বন কৰে বিভাগীয় কৰ্তৃপক্ষই (Reshuffle in Assam Police) ।

ইফালে আৰক্ষী অধীক্ষক লীনা দলেক হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰাৰ লগতে হয়বৰগাঁও আৰক্ষী চকীৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাকো অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে ৷ কিন্তু এই পৰ্যন্ত নুন্যতম ব্যৱস্থাও গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত নাম সাঙোৰ খোৱা আৰক্ষী বিষয়া ৰাজা ইৰ্শ্বাদৰ বিৰুদ্ধে (Jonmani Rabha Death Case) ।

লগতে পঢ়ক: Reshuffle in Assam Police: আৰক্ষী অধীক্ষকৰ পাচত এইবাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক বদলি

Last Updated :May 27, 2023, 1:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.