ETV Bharat / state

Lesser Adjutant Bird at Kaliabor: পথৰ দাঁতিৰ ওখ শিমলুত বৰটোকোলা পোৱালিৰ আবদাৰৰ বতৰা

author img

By

Published : Feb 26, 2023, 12:08 PM IST

Lesser Adjutant Bird at Kaliabor
কলিয়াবৰৰ বহু ঠাইৰ ওখ শিমলুত বৰটোকলাই পাতিছে ঘৰ

ফাগুনৰ শিমলুৰঙী আকাশৰ মাজত উৰি থাকে বৰটোকোলা (Lesser Adjutant Bird at Kaliabor) । ওখ শিমলুত সাজে বাহ, পোৱালি জগায় । ওখ শিমলুৰ ফেৰেঙনিত অপেক্ষা কৰি থকা কণী ফুটি ওলোৱা চৰাই পোৱালিকেইটালৈ বিচাৰি ফুৰে মাছ, বেং, সৰীসৃপ, অন্য অমেৰুদণ্ডী পানীত থকা প্ৰাণী । খাদ‍্যৰ সন্ধানত জলাশয়ৰ আশে-পাশে ভিৰ কৰেহি বৰটোকোলাই ।

কলিয়াবৰৰ বহু ঠাইৰ ওখ শিমলুত বৰটোকলাই পাতিছে ঘৰ

কলিয়াবৰ, ২৬ ফ্ৰেব্ৰুৱাৰী: কোনোবা অখ‍্যাত কবিয়ে কৈছে, ‘‘বোকা খুঁচৰি থকা বৰটোকোলা এটাৰ ঠোঁটত লাগি আছে ফাগুনৰ যৌৱনৰ গোন্ধ’’ (Colour of Fagun) । পথৰ দাঁতিৰ ওখ শিমলুত এতিয়া বৰটোকোলা পোৱালিৰ আবদাৰৰ বতৰা । কলিয়াবৰৰ বহু ঠাইৰ ওখ শিমলুত বৰটোকলাই পাতিছে ঘৰ (Lesser Adjutant Bird at Kaliabor) । ফাগুনৰ আকাশত উৰি থাকে বৰটোকোলা (Beauty of Fagun month) । ওখ শিমলুত বাহ সাজি পোৱালি জগাই বৰটোকোলা চৰায়ে । ওখ শিমলুৰ ফেৰেঙনিত অপেক্ষা কৰি থকা কণী ফুটি ওলোৱা চৰাই পোৱালিকেইটালৈ বিচাৰি ফুৰে মাছ, বেং, সৰীসৃপ, অন্য অমেৰুদণ্ডী পানীত থকা প্ৰাণী । খাদ‍্যৰ সন্ধানত জলাশয়ৰ আশে-পাশে ভিৰ কৰা দেখা যায় বৰটোকোলাক ।

নৈ পৰীয়া, বিল পৰীয়া অসমীয়াৰ চকুৰ আগেদি বৰটোকোলা চকুৰ আগতেই সংখ্যাত কমি আহিছে । বাহ সজা ডাঙৰ গছৰ অভাৱ ঘটিছে । পথাৰৰ পৰিমাণ কমিছে । বিলবোৰ পোত খাইছে । সেয়ে হয়তো কলিয়াবৰৰ বহু শিমলু গছত বৰটোকোলাৰ বাহ দেখিবলৈ পোৱা গৈছে (Beautiful view of Kaliabar) । য'ত আছে নতুনকৈ জন্ম হোৱা পোৱালি । দূৰণিৰ পৰা গছজোপাত থকা পোৱালিলৈ মাকে ঠোঁটত কঢ়িয়াই আনে মাছ-বেং, শামুক বা আন কিবা খাদ্য। পোৱালিকেইটাই খাদ‍্যৰ কথা বুজি পাখি নগজা ডেউকা দুখন জোঁকাৰিছে । পোৱালিকেইটাৰ কাষত ৰৈ পোৱালিকেইটাক যতনৰে খাদ‍্য খুৱাইছে মাকে । এনে অতি মনোমোহা দৃশ‍্যই আপোনাকো আনন্দিত কৰিব ।

অসমৰ পৰিৱেশ বৰটোকোলাৰ বাবে উপযোগী প্ৰাকৃতিক পৰিৱেশ । অথচ সেই অসমতে বৰটোকোলাৰ সংখ্যা দুষ্প্ৰাপ্যৰ পৰ্য্যায় পালেগৈ । তাৰ মাজতে কলিয়াবৰত চকুত লগাকৈ ভালমান গছত এতিয়া বৰটোকোলাৰ বাহ দেখা গৈছে, য'ত আছে পোৱালি । বৰটোকোলাৰ বংশবৃদ্ধিৰ এই বতৰাই সুখী কৰিছে সকলোকে । কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিৰ চতিয়ালত তেনে এজোপা শিমলু গছত বৰটোকোলাৰ বাহ । এইবেলিয়েই নহয়, বহু বছৰৰ পৰা এই দুষ্প্ৰাপ‍্য চৰাইবিধে এই সময়তে বাহ সাজি পোৱালি জগায় ।

বৰটোকোলাৰ বংশ বৃদ্ধিৰ বতৰাই এতিয়া স্থানীয় বাসিন্দাকো আনন্দিত কৰিছে । অৱশ‍্যে মাজখিনিতে বতাহ-বৰষুণৰ ফলত দুটা পোৱালি বাহৰ পৰা সৰি পৰি মৃত‍্যু মুখত পৰিছিল যদিও আনকেইটা বাহৰ পোৱালিকেইটা সুৰক্ষিত হৈ আছে । এতিয়া কথা হ'ল এই পথছোৱা চাৰিলেনযুক্ত হোৱা সম্ভাৱনা আছে । কলিয়াবৰৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিত এনে ভালেমান ওখ-ডাঙৰ গছ আছে য'ত বৰটোকোলাৰ দৰে দুষ্প্ৰাপ‍্য বহু পখীৰ বাসস্থান । ঘাইপথ সম্প্ৰসাৰণৰ নামত যাতে এনে গছবোৰ নাকাটে তাৰ বাবে সচেতন মহলে আহ্বান জনাইছে ।

উল্লেখযোগ‍্য যে, এই চৰাইবিধ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ তালিকাভুক্ত কৰা সংস্থা International Union for Conservation of Nature ৰ দুষ্প্ৰাপ্য তালিকাত অন্তৰ্ভুক্ত কৰিছে । চমুকৈ IUCN ৰ মতে বৰ্তমান বৰটোকোলাৰ সংখ্যা হাজাৰৰ আশে-পাশে বুলিহে নিৰ্দ্ধাৰণ কৰিছে । এই চৰাইবিধ এতিয়া কেৱল অসম আৰু কাম্বোডিয়াতহে পোৱা যায় । পূৰ্বে ম‍্যানমাৰতো পোৱা গৈছিল যদিও এতিয়া সেই তালিকাৰ পৰা ম‍্যানমাৰক বাদ দিয়া হৈছে ।

একোটা বৰটোকোলা ১২০ চেণ্টিমিটাৰৰ পৰা ১৫০ চেণ্টিমিটাৰ ওখ হয় । বৰটোকোলাৰ ইংৰাজী নাম Lesser Adjutant বৈজ্ঞানিক নাম Leptoptilos javanicus । প্ৰজননৰ সময়ত লগ খায় আৰু একোটা দলত ছটাৰ পৰা বিশটা লৈকে গোট খায় । নহলে অন্য ঋতুত অকলে থাকিয়ে ভাল পায় । প্ৰজননৰ সময়ত দল হৈ লৈ একোটা দলত ৬ টাৰ পৰা বিশটা বাহ সজাৰ জোখেৰে শিমলু দৰে ওখ গছ বিচাৰি লয় । এনেকুৱা বাহ সজা গছৰ উচ্চতা ৪৬ মিটাৰ পৰ্য্যন্ত দেখা গৈছে । গছৰ ওপৰত অইন গছৰ ঠাল-ঠেঙুলী আনি এক মিটাৰ মান আহল-বহল আৰু গভীৰ বাহ সাজে আৰু তাতে ২ পৰা ৪ টা কণী পাৰি ২৮-৩০ দিনলৈ উমনীত বহে । কণীৰ ৰং বগা ।

পোৱালী ওলোৱাৰ পৰা আৰু দুমাহ সময় সময় লাগে পোৱালীবোৰ নিজে উৰিব পৰা হোৱালৈকে । পোৱালীবোৰ ডাঙৰ হৈ আহোঁতে খুৱাবৰ বাবে আহাৰ বিচাৰি মাক দেউতাক সাধাৰণতে আধা ঘণ্টাৰ ভিতৰতে ঘূৰি আহে আৰু পোৱালী যিমানেই ডাঙৰ হৈ আহে সিমানেই বাহলৈ ঘূৰি অহা সময় পলম কৰে । দুমাহৰ ভিতৰতে পোৱালীবোৰৰ জন্মৰ পাখি সৰি নতুন পাখি গজে আৰু সোনকালেই উৰিব পৰা হয় ।

লগতে পঢ়ক: BJP president reacts on alliance : ভিতৰি নিজৰ মাজত মিল বৰ্তাই ৰাখে কংগ্ৰেছ-এ আই ইউ ডি এফে; ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.