ETV Bharat / state

কলিয়াবৰত উদ্ধাৰ প্ৰকাণ্ড ৰজা ফেঁটি সাপ

author img

By

Published : Apr 9, 2021, 3:00 PM IST

কলিয়াবৰত উদ্ধাৰ প্ৰকাণ্ড ৰজা ফেঁটি সাপ
কলিয়াবৰত উদ্ধাৰ প্ৰকাণ্ড ৰজা ফেঁটি সাপ

কলিয়াবৰত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰায় ১৫ ফুট দৈৰ্ঘ্যৰ কিং কোব্ৰা দুষ্প্ৰাপ্য প্ৰজাতিৰ এডাল ৰজা ফেঁটি সাপ । বনবিভাগৰ লোকৰ উপস্থিতিত কামাখ‍্য সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয় সাপডাল ।

নগাওঁ, ৯ এপ্ৰিল: কলিয়াবৰত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ এডাল ৰজাফেঁটি সাপ । প্ৰায় ১৫ ফুট দৈৰ্ঘ্যৰ কিং কোব্ৰা দুষ্প্ৰাপ্য প্ৰজাতিৰ ৰজা ফেঁটি সাপডালক কেন্দ্ৰ কৰি শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি । ইয়াকে লৈ কলিয়াবৰ চাহ বাগিচা অঞ্চলৰ ৰাইজ আতংকিত হৈ পৰা পৰিলক্ষিত হয় ।

কলিয়াবৰত উদ্ধাৰ প্ৰকাণ্ড ৰজা ফেঁটি সাপ

শুকুৰবাৰে কলিয়াবৰ চাহ বাগিচা অঞ্চলৰ ৰাইজে প্ৰকাণ্ড ৰজা ফেঁটি সাপডাল দেখি আতংকিত হৈ শিলঘাটৰ প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকা নামৰ যুৱক জনক খবৰ দিয়ে । খবৰ লাভ কৰিয়েই সঞ্জীৱ ডেকাই ততাতৈয়াকৈ বাগিচা অঞ্চলত উপস্থিত হৈ শিলঘাট বনবিভাগৰ সহযোগত প্ৰায় ১৫ ফুট দৈৰ্ঘ্যৰ দুষ্প্ৰাপ্য ৰজা ফেঁটি সাপডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত সঞ্জীৱ ডেকাই বনবিভাগৰ লোকসকলৰ উপস্থিতিত কামাখ‍্য সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে সাপডাল ।

লগতে পঢ়ক: বকোত চেগুন কাঠৰ কুণ্ডা ভৰ্তি টাটা ডিআই বাহন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.