ETV Bharat / state

কলিয়াবৰত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে কেশৱ মহন্তই

author img

By

Published : May 9, 2021, 10:30 AM IST

keshab-mahanta
কেশৱ মহন্ত

কলিয়াবৰত শনিবাৰে ক’ভিড সম্পৰ্কে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় নৱ নিৰ্বাচিত বিধায়ক তথা অগপ নেতা কেশৱ মহন্ত ৷ দুখনকৈ চিকিৎসালয়ক ক’ভিড চিকিৎসালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে মহন্তই ৷

কলিয়াবৰ,9 মে’: নগাঁও জিলাৰ কলিয়াবৰত শনিবাৰে ক’ভিড 19 সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় নৱ নিৰ্বাচিত বিধায়ক তথা অগপ নেতা কেশৱ মহন্ত ৷ বৈঠকত নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক আৰু স্বাস্থ্য বিষয়াৰ উপস্থিতিত কলিয়াবৰ মহকুমাৰ চিমনাবস্তি আৰু উলুৱনী চিকিৎসালয়ক ক’ভিড চিকিৎসালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেশৱ মহন্তই ।

তদুপৰি আমনিত থকা সামূহিক ভৱনটোও ক’ভিড ৰোগী ৰাখিব পৰাকৈ সাজু কৰা হ’ব । ক’ভিড প্ৰতিষেধকৰ নাটনিলৈ চাই প্ৰতিষেধক যোগানৰ বাবে স্বাস্থ্য বিভাগক ব্যৱস্থা ল’বলৈ আহ্বান জনোৱা হয় । কলিয়াবৰৰ চাহ বাগিচাসমূহত থকা চিকিৎসালয়সমূহতো ক’ভিড ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লয় । বাগিচা এলেকাত বৃদ্ধি পোৱা সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰৱন্ধক আৰু শ্ৰমিক কল্যাণ বিষয়াসকলকো চিকিৎসা সম্পৰ্কীয় সকলো ব্যৱস্থাৰ আশ্বাস দিয়াৰ লগতে শ্ৰমিকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে ।

কলিয়াবৰত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে কেশৱ মহন্তই

উক্ত বৈঠকত কলিয়াবৰৰ জন সমাগম হোৱা স্থানসমূহ চেনিটাইজেশ্বনৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগক জৰুৰীকালীন সেৱাৰ লগত মিলি কাম কৰাৰ বাবে সিদ্ধান্ত লোৱা হয় । বৈঠকৰ অন্তত জিলা চিকিৎসা বিষয়াৰ নেতৃত্বত এটি দলে উলুৱনী চিকিৎসালয় আৰু চিমনা বস্তি হাস্পতাল পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থাসমূহৰ বুজ লয় ৷

উল্লেখ্য যে, কলিয়াবৰত শনিবাৰৰ দিনটোত 35 গৰাকীকৈ লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ জখলাবন্ধা চিকিৎসালয় আৰু জখলাবন্ধা চিকিৎসালয়ৰ অন্তৰ্গত অন্য 4 টা ক’ভিড পৰীক্ষা কেন্দ্ৰত 11 গৰাকীকৈ লোক আক্ৰান্ত হয় । ইফালে চিমনাবস্তি চিকিৎসালয়ৰ ক’ভিড কেন্দ্ৰৰ অন্তৰ্গত আন চাৰিটা ক’ভিড পৰীক্ষা কেন্দ্ৰত কৰা ফলাফলৰ অন্তত 24 গৰাকী লোক ক’ভিডত আক্ৰান্ত হয় । এই পৰ্যন্ত কলিয়াবৰত ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 241 গৰাকীলৈ ৷

লগতে পঢ়ক : জুইত জাহ গ’ল তেজপুৰৰ চ’ক বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.