ETV Bharat / state

কলিয়াবৰত কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী কেশৱ মহন্তই

author img

By

Published : Jan 29, 2021, 2:18 PM IST

কলিয়াবৰত কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী কেশৱ মহন্তই
কলিয়াবৰত কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী কেশৱ মহন্তই

নিৰ্বাচনৰ প্ৰাকক্ষণত আধাৰশিলা স্থাপন কৰাত ব্যস্ত হৈ পৰিছে শাসকীয় দলৰ মন্ত্ৰী-বিধায়ক । কলিয়াবৰত কেইবাটাও পথৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশ ল'লে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই । নিৰ্বাচনৰ পূৰ্বেই সমষ্টিটোৰ ৯০ শতাংশ পথৰ কাম সম্পূৰ্ণ হোৱাৰ আশ্বাস দিলে মন্ত্ৰীগৰাকীয়ে ।

কলিয়াবৰ, ২৯ জানুৱাৰী: বিভিন্ন উন্নয়নমূলক আঁচনি,পথ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰি নিৰ্বাচনৰ প্ৰাক ক্ষণত মন্ত্ৰী আৰু বিধায়কসকলে পুনৰ ৰাইজৰ মন জয় কৰাত ব্যস্ত হৈ পৰিছে । লগতে নিজ নিজ সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৰাজনৈতিক নেতাসকলে । এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ।

কলিয়াবৰত কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী কেশৱ মহন্তই

শুক্ৰবাৰে কলিয়াবৰ আৰু চামগুৰি ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত ২০২০-২০২১ বিত্তীয় বৰ্ষৰ এছ অ' পি ডি জি আঁচনিৰ অধীনত কলিয়াবৰৰ কেইবাঠাইতো পথৰ আধাৰশিলা স্থাপন কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই । ইতিমধ্যে,বহুকেইটা পথ নিৰ্মাণৰ লগতে সমষ্টিটোত বহু উন্নয়নমূলক কাম-কাজ কৰি সমষ্টিবাসীৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে মন্ত্ৰীগৰাকীয়ে ।

নিৰ্বাচনৰ পূৰ্বেই সমষ্টিটোৰ ৯০ শতাংশ পথৰ কাম সম্পূৰ্ণ হোৱাৰ আশ্বাস দিলে মন্ত্ৰীগৰাকীয়ে । বৰ্তমান ৰাজনৈতিক দলৰ নেতাসকলে প্ৰচাৰ অভিযান চলাই নিজ নিজ দলৰ প্ৰতি ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:আমগুৰিত 61নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.