ETV Bharat / state

৭৫ জন যাত্ৰীক ঘৰলৈ যোৱাৰ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ

author img

By

Published : Apr 26, 2020, 5:00 PM IST

৭৫ গৰাকী বিভিন্ন জিলাৰ যাত্ৰীক অসম পৰিবহন নিগমৰ বাছেৰে নিজ নিজ ঘৰলৈ যোৱাৰ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ ৷

inter district travel by ASTC
৭৫ জন যাত্ৰীক ঘৰলৈ যোৱাৰ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ

নগাঁও, 26 এপ্ৰিলঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ পৰাও অব্যাহত আছে আন্তঃজিলা যাতায়ত ব্যৱস্থা ৷ দেওবাৰে স্বাস্থ্য পৰীক্ষা কৰি ৭৫ গৰাকী বিভিন্ন জিলাৰ যাত্ৰীক অসম পৰিবহন নিগমৰ বাছেৰে নিজ নিজ ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰে জিলা প্ৰশাসনে । আনহাতে চৰকাৰী নিৰ্দেশ মানি স্বাস্থ্য পৰীক্ষাৰ লগতে সকলো যাত্ৰীকে যাত্ৰাৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰোৱা হয় ৷ ইপিনে দেওবাৰে নগাঁৱৰ নেহেৰুবালিত আৰক্ষী,চিকিৎসক,স্বাস্থ্য কৰ্মীৰ দল উপস্থিত থকাৰ লগতে জিলা উপায়ুক্ত যাদৱ শইকীয়া নিজেই উপস্থিত থাকি পৰ্যবেক্ষণ কৰে সকলোবোৰ দিশ ৷

৭৫ জন যাত্ৰীক ঘৰলৈ যোৱাৰ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ

লগতে পঢ়কঃসঠিক মানদণ্ডৰ বাবে ৰেপিড এন্টিবডি টেষ্ট পৰীক্ষণত বাধা আই চি এম আৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.