ETV Bharat / state

নগাঁৱত চিলনী চোৰে লুটিলে বৃহৎ পৰিমাণৰ ধন

author img

By

Published : Dec 3, 2020, 9:09 AM IST

বুধবাৰে নগাঁৱৰ হয়ৱৰগাঁও আৰক্ষী চকীৰ সমীপত শনিমন্দিৰ পথত এজন ব্যৱসায়ীৰ পৰা 2 লাখ 50 হাজাৰ টকা লুটি নিয়ে চিলনী চোৰে ৷ ব্যৱসায়ীজনে বেংকত জমা থবলৈ নিছিল ধনখিনি ৷ সমগ্ৰ দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত ৷

nagaon thief
নগাঁৱত চিলনী চোৰ

নগাঁও,3 ডিচেম্বৰ : নগাঁৱত অব্যাহত আছে চিলনী চোৰৰ উপদ্ৰৱ ৷ বুধবাৰে দিন দুপৰতে এজন ব্যৱসায়ীৰ পৰা চিলনী চোৰে লুটি নিলে 2 লাখ 50 হাজাৰ টকা ৷ হয়ৱৰগাঁও আৰক্ষী চকীৰ সমীপত শনিমন্দিৰ পথত ৱাকিল হক নামৰ ব্যৱসায়ীজনৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিলে ধনভৰ্তি বেগটো ৷

nagaon thief
নগাঁৱত চিলনী চোৰ

এখন নম্বৰ প্লেটবিহীন পালচাৰ বাইকত আহিছিল এই দুই চিলনী চোৰ ৷ জানিব পৰা মতে, ব্যৱসায়ীজনে বেংকত জমা থবলৈ নিছিল লুট কৰি নিয়া ধনখিনি ৷ পথৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ চিচিটিভি কেমেৰাত বন্দী হয় চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য ৷

ঘটনা সন্দৰ্ভত ভুক্তভোগী ব্য়ৱসায়জনে হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ অৱশ্যে বৰ্তমানো যদিও আৰক্ষীয়ে শুংসূত্ৰ উলিয়াব পৰা নাই চিলনী চোৰৰ ৷

লগতে পঢ়ক : নিজ অধিকাৰৰ স্বাৰ্থত বিটিচিবাসীক ভোট দিবলৈ আহ্বান অনুপ চেতিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.