গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে বৌদ্ধিক সম্পদ চুৰিৰ অভিযোগ

author img

By

Published : Sep 3, 2021, 8:35 PM IST

gauhati university professor allegedly accused of plagiarism

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰফুল্ল কুমাৰ নাথৰ বিৰুদ্ধে বৌদ্ধিক সম্পত্তি চুৰিৰ অভিযোগ ৷ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ জ্যোতিৰ্ময় জানাই উত্থাপন কৰিছে এই অভিযোগ ৷

নগাঁও, 3 ছেপ্টেম্বৰ : বৌদ্ধিক সম্পত্তি চুৰিৰ অভিযোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ বিৰুদ্ধে আৰক্ষী থানাত এজহাৰ দাখিল কৰা ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ জ্যোতিৰ্ময় জানাৰ সম্পাদনাত প্ৰকাশিত এখন গ্ৰন্থৰ সমলখিনি ভালেমান ক্ষেত্ৰত ডঃ জ্যোতিৰ্ময় জানাৰ ভাষাৰেই সন্নিবিষ্ট কৰি নিজৰ নামত প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰফুল্ল কুমাৰ নাথৰ বিৰুদ্ধে ।

২০১৪ চনতেই অৱসৰপ্ৰাপ্ত অধ্যাপক জ্যোতিৰ্ময় জানাই সম্পাদনা কৰিছিল ৰুদ্ৰৰাম বড় দলৈৰ ‘‘বঙ্গাল বঙ্গালনী" মূল নাটক আৰু আলোচনী । কিতাপখন ২০১৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিকত জ্যোতিৰ্ময় জানাৰ নামতেই অন্তৰ্ভুক্ত কৰিছিল । পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰফুল্ল কুমাৰ নাথে কিতাপখনৰ ভাষা নকল কৰি নিজৰ নামত ছপোৱা বুলি অভিযোগ উত্থাপন কৰিছে অৱসৰপ্ৰাপ্ত অধ্যাপক জ্যোতিৰ্ময় জানাই ।

বৌদ্ধিক সম্পদ চুৰিৰ অভিযোগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে

এই অভিযোগ উত্থাপন কৰি জ্যোতিৰ্ময় জানাই ইতিমধ্যে অসমৰ ৰাজ্যপাললৈ লিখিত অভিযোগ দাখিল কৰিছে । ইয়াৰোপৰি নগাঁও আৰক্ষী থানাত অভিযুক্ত অধ্যাপকজনৰ বিৰুদ্ধে বৌদ্ধিক সম্পত্তি চুৰিৰ অভিযোগত এজহাৰ দাখিল কৰিছে জ্যোতিৰ্ময় জানাই ।

উল্লেখ্য যে, বৰ্তমান সময়ত মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ গৱেষণা পত্ৰৰ ক্ষেত্ৰটো নকল পৰীক্ষণ নকৰাকৈ অনুমোদন জনোৱা নহয় ৷ তেনে ক্ষেত্ৰত এগৰাকী অধ্যাপকৰ বিৰুদ্ধে বৌদ্ধিক সম্পদ চুৰিৰ অভিযোগ উঠা ঘটনাই বৌদ্ধিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে ৷ সঠিক তদন্তৰ পাচতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক : হুইল চেয়াৰেই সংগী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ সতীৰ্থ থানেশ্বৰ সাউদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.