ETV Bharat / state

জখলাবন্ধা আৰক্ষীৰ জালত দুই গাঞ্জা সৰবৰাহকাৰী

author img

By

Published : Jun 1, 2021, 8:25 PM IST

মঙলবাৰে কলিয়াবৰৰ ঢেকীয়াল গাঁৱৰ এজন লোকৰ বাসগৃহৰ পৰা 1300 গ্ৰাম গাঞ্জা জব্দ আৰক্ষীৰ ৷ লগতে গাঞ্জা সৰবৰাহত জড়িত দুজনক আটক কৰা হয় ৷

ganja-seized-with-two-arrested
জখলাবন্ধা আৰক্ষীৰ জালত দুই গাঞ্জা সৰবৰাহকাৰী

কলিয়াবৰ, 1 জুন: নগাঁৱৰ কলিয়াবৰত অবৈধ নিচাযুক্ত বেহাৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে জখলাবন্ধা আৰক্ষী ৷ বিগত সময়চোৱাত কলিয়াবৰৰ বিভিন্ন স্থানৰ পৰা ড্ৰাগছ, অবৈধ বিলাতী সুৰা জব্দ কৰাৰ লগতে এই ব্যৱসায়ত জড়িত কেইবাজনো অপৰাধী আৰু জুৱাৰীক আটক কৰা হৈছে ৷

জখলাবন্ধা আৰক্ষীৰ জালত দুই গাঞ্জা সৰবৰাহকাৰী

মঙলবাৰেও আৰক্ষীৰ অভিযানত জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত ঢেকীয়াল গাঁৱৰ দ্বীপেন দাস নামৰ লোকজনৰ বাসগৃহৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জা ৷ এই সন্দৰ্ভত গাঞ্জা সৰবৰাহকাৰী দ্বীপেন দাসক আটক কৰাৰ লগতে সৰবৰাহকাৰীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আমবাগান আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ ভোমোৰাগুৰিৰ পৰা কৃষ্ণ দাস নামৰ আন এজনক আটক কৰে আৰক্ষীয়ে ৷

জব্দকৃত গাঞ্জাখিনিৰ ওজন 1300 গ্ৰাম বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষী নিৱেশত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : গুৱাহাটীৰ অলিয়ে-গলিয়ে বৰবিহ ড্ৰাগছৰ বেহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.