ETV Bharat / state

Firing at Kaliabar : পিতৃৰ চাৰ্ভিছ পিষ্টলৰ গুলীত আহত 4 বছৰীয়া শিশু

author img

By

Published : Dec 14, 2021, 10:44 AM IST

Updated : Dec 14, 2021, 7:03 PM IST

পিতৃৰ অসাৱধানতাৰ ফল ভোগ কৰিলে সন্তানে ৷ উলুৱনী আৰক্ষী নিৱেশৰ আৱাসত গুলীবিদ্ধ হ'ল(Child injured in firing in Uluani kaliabor) এটি 4 বছৰীয়া শিশু ৷ আহত শিশুটি উলুৱনী আৰক্ষী নিৱেশ (Uluani Police Station)ৰ সহকাৰী উপ-পৰিদৰ্শক তিলক বৰদলৈ পুত্ৰ মনোজ বৰদলৈ ৷ সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Tezpur Medical College Hospital) ত চিকিৎসাধীন হৈ আছে আহত শিশুটি ৷

Tezpur Medical College
উলুৱনী আৰক্ষী নিৱেশৰ আৱাসত গুলীৱিদ্ধ হ'ল এটি 4বছৰীয়া শিশু

কলিয়াবৰ, 14 ডিচেম্বৰ : সোমবাৰৰ নিশা কলিয়াবৰত অঘটন সংঘটিত ৷ জিলাখনৰ উলুৱনী আৰক্ষী নিৱেশৰ আৱাসত গুলীবিদ্ধ হৈছে (এটি 4 বছৰীয়া শিশু (Child injured in firing in Uluani kaliabor) ৷ আহত মনোজ বৰদলৈ নামৰ শিশুটি উলুৱনী আৰক্ষী নিৱেশৰ সহকাৰী উপ-পৰিদৰ্শক তিলক বৰদলৈৰ পুত্ৰ ৷ সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Tezpur Medical College Hospital) ত চিকিৎসাধীন হৈ আছে আহত শিশুটি ৷

উলুৱনী আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত সদৰী কৰা অনুসৰি, তিলক বৰদলৈয়ে সোমবাৰে নিশা কৰ্মস্থলীলৈ আহিবলৈ প্ৰস্তুতি চলাই আছিল ৷ তেনে সময়তে তিলক বৰদলৈৰ অজ্ঞাতে তেওঁৰ চৰকাৰী পিষ্টলটো পুত্ৰ মনোজে লয় ৷ খেলৰ সামগ্ৰী বুলি ভাবি পিষ্টলটো শিশুটিয়ে খেলিবলৈ লয় ৷ খেলি থাকোতেই হঠাৎ মনোজৰ আঙুলি লাগে ট্ৰিগাৰত (child injured in accidental firing) ৷

পিতৃৰ চাৰ্ভিছ পিষ্টলৰ গুলীত আহত 4 বছৰীয়া শিশু

যাৰ ফলত গুলীয়ে আঘাত কৰে শিশুটিৰ ভৰিত ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় উত্তেজনাৰ ৷ একাংশৰ অভিযোগ অনুসৰি, পিতৃৰ ভুলৰ বাবেই শিশুটি এনেদৰে গুলী ফুটি আহত হ’বলগীয়া হৈছে ৷

লগতে পঢ়ক : Militant attack in Srinagar : অচিনাক্ত বন্দুকধাৰীৰ গুলীবৰ্ষণত আহত 14 গৰাকী আৰক্ষী

Last Updated : Dec 14, 2021, 7:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.