ETV Bharat / state

Brutal murder in Nagaon: ছাৰ্ফ খুৱাই পত্নীক হত্যাৰ অভিযোগ এমৰাদুলৰ বিৰুদ্ধে

author img

By

Published : Jul 16, 2022, 9:24 PM IST

Brutal murder in Nagaon
ছাৰ্ফ খুৱাই পত্নীক হত্যাৰ অভিযোগ এমৰাদুলৰ বিৰুদ্ধে

নগাঁৱৰ বটদ্ৰৱাত ভয়ংকৰ ঘটনা । প্ৰথমে দৌৰাই দৌৰাই নিজৰ পত্নীৰ ওপৰত ভয়ংকৰ আক্ৰমণ স্বামীৰ (Husband beheaded wife)। তাৰ পিছত ছাৰ্ফ খুৱাই পত্নীক হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে (Allegation against husband of killing wife) । আৰক্ষী থানাত এজাহাৰ দাখিল পত্নীৰ পৰিয়ালৰ । ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে হত্যাৰ অভিযোগত অভিযুক্ত স্বামী এমৰাদুল ।

নগাঁও, 16 জুলাই : নগাঁৱৰ বটদ্ৰৱাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । নিজ পত্নীক নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে স্বামীৰ বিৰুদ্ধে (Husband beheaded wife)। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ৷

ছাৰ্ফ খুৱাই পত্নীক হত্যাৰ অভিযোগ এমৰাদুলৰ বিৰুদ্ধে

ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে দুপৰীয়া নগাঁৱৰ বটদ্ৰৱাৰ লালুং গাঁৱৰ এমৰাদুল ইছলাম আৰু তেওঁৰ পত্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । পৰৱৰ্তী সময়ত এই কাজিয়াই লয় ভয়ংকৰ ৰূপ । প্ৰায়েই পৰিয়ালকেন্দ্ৰিক সংঘাত চলি থকাৰ দৰে শণিবাৰেও দুই স্বামী-স্ত্ৰীৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ ৷

পৰৱৰ্তী সময়ত স্বামী এমৰাদুল ইছলাম অধিক উত্তেজিত হৈ দৌৰাই দৌৰাই পত্নীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে (Allegation against husband of killing wife) । নিজ পত্নীৰ ওপৰত আক্ৰমণ কৰাৰ পিছতো শান্ত নহৈ অভিযুক্ত স্বামী এমৰাদুল ইছলামে পত্নীক ছাৰ্ফ খুৱাই হত্যা কৰে ৷ এই অভিযোগ উত্থাপন কৰিছে নিহত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ।

লগতে পঢ়ক : কৰিমগঞ্জত কন্যা সন্তান জন্ম দিয়াৰ বাবে বোৱাৰীক হত্যা

তথ্য অনুসৰি, প্ৰথমা পত্নী থকা অৱস্থাতে অভিযুক্ত এমৰাদুলৰ সৈতে কিছু মাহ পূৰ্বে নিহত মহিলাগৰাকী বিবাহ পাশত আৱদ্ধ হৈছিল ৷ তাৰ পাচতে সঘনে কাজিয়া হ’বলৈ ধৰে দুয়ো স্বামী-স্ত্ৰীৰ মাজত ৷ শণিবাৰে হঠাৎ কন্যাৰ মৃত্যু হোৱা বুলি জানিব পাৰি নিহত মহিলাগৰাকীৰ পৰিয়ালৰ লোক উপস্থিত হয় অভিযুক্ত এমৰাদুলৰ বাসগৃহত । তাৰ পাচতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে খবৰ দিয়ে বটদ্ৰৱা আৰক্ষীক ৷ ঘটনাৰ বিষয়ে জানিব পাৰি সেই স্থানত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ ৷ তাৰ পিছত আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ আনহাতে, এই ঘটনা সন্দৰ্ভত নিহত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷

এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে 302 ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি অভিযুক্ত এমৰাদুল ইছলামক আটক কৰে ৷ ইফালে অভিযুক্ত এমৰাদুল ইছলামে তেওঁৰ পত্নীক হত্যা কৰা নাই বুলি মন্তব্য কৰে ৷ ইয়াৰ বিপৰীতে তেওঁৰ পত্নীয়ে নিজে ছাৰ্ফ খাই আত্মহত্যা কৰা বুলি উল্লেখ কৰে ৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে এই ঘটনাৰ সমূহ তথ্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক : A Thrilling incident: পত্নীৰ কটা মূৰ লৈ খোজ কাঢ়ি পালেগৈ আৰক্ষী চকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.