ETV Bharat / state

প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাৰ জন্মদিন, কলিয়াবৰৰ হাতীগাঁৱৰ মিলেনিয়াম বাগিচাত বিশেষ অনুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 4:23 PM IST

Updated : Dec 6, 2023, 6:57 PM IST

বিশিষ্ট সাহিত্যিক, প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাৰ আজি জন্মদিন ৷ আজি 75 বছৰ সম্পূৰ্ণ কৰিলে হাজৰিকাই ৷ তেওঁৰ জন্মদিন উপলক্ষে হাতীগাঁৱৰ মিলেনিয়াম বাগিচাত অনুষ্ঠিত হয় এক অভিনন্দন জ্ঞাপন অনুষ্ঠানৰ ৷

Ex Minister Gunin Hazarika Birthday Celebration at Kaliabor
প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাৰ আজি জন্মদিন

প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাৰ আজি জন্মদিন

কলিয়াবৰ, 6 ডিচেম্বৰ : কলিয়াবৰ বিধানসভাৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী, কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা সভাপতি আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গুণীন হাজৰিকাৰ আজি জন্মদিন ৷ বিশিষ্ট সাহিত্যিক, প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে আজি 75 বছৰ সম্পূৰ্ণ কৰিলে ৷ তেখেতে সমাজলৈ আগবঢ়োৱা অৱদান আৰু সেৱাৰ প্ৰতি সন্মান জনায় আজি কলিয়াবৰত প্ৰাক্তন মন্ত্ৰী হাজৰিকাৰ জন্মদিন পালন কৰা হয় ৷

কলিয়াবৰ শাখা সাহিত্য সভাৰ তৰফৰ পৰা কলিয়াবৰ লেখিকা সমাৰোহ সমিতি আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সহযোগত কলিয়াবৰৰ হাতীগাঁৱৰ মিলেনিয়াম বাগিচাত অনুষ্ঠিত কৰা হয় এক অভিনন্দন জ্ঞাপন অনুষ্ঠানৰ ৷ উক্ত অনুষ্ঠানতে ‘জীৱন বীক্ষণ’ নামৰ এখনি গ্ৰন্থ উন্মোচন কৰা হয় ৷ গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকী ৷ উক্ত গ্ৰন্থখনি উন্মোচন কৰে ইতিহাসবিদ ড৹ ৰাজেন শইকীয়াই ৷

উক্ত সভাত কলিয়াবৰ সাহিত্য সভা, কলিয়াবৰ লেখিকা সমাৰোহ শাখা, অসম গণ পৰিষদ কলিয়াবৰ জিলা সমিতি, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ লগতে কেইবাটাও সংগঠনৰ বিষয়-ববীয়াসকলে প্ৰাক্তন মন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনায় ৷ উল্লেখ্য যে, অগপ দলৰ এসময়ৰ প্ৰভাৱশালী নেতা আছিল হাজৰিকা ৷ কলিয়াবৰ সমষ্টিৰ পৰা 1986, 1996 আৰু 2001 চনত তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল হাজৰিকা ৷

এইক্ষেত্ৰত বিশিষ্ট সাহিত্যিক, প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই কয়, ‘‘ৰাইজৰ মৰম দেখি অভিভূত হৈ পৰিছো ৷ ৰাইজৰ প্ৰতি যি দায়িত্ব আছিল সেয়া আৰু দুগুণ বৃদ্ধি পালে ৷ কলিয়াবৰ সাহিত্য সভা, কলিয়াবৰ লেখিকা সমাৰোহ শাখাৰ যি পদক্ষেপ সেয়াই মোক আনন্দিত কৰি তুলিছে ৷’’

লগতে পঢ়ক : কলিয়াবৰত পৰিৱেশৰ বাবে জীৱনশৈলী শীৰ্ষক সজাগতা সভা-বাটৰ নাট

Last Updated : Dec 6, 2023, 6:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.