ETV Bharat / state

কাজিৰঙাত উচ্ছেদিত দুই শতাধিক পৰিয়াল এতিয়া ক’ত ?

author img

By

Published : Sep 28, 2021, 6:04 PM IST

Eviction of Bandardubi at Kaliabor
জিৰঙাত উচ্ছেদিত দুই শতাধিক পৰিয়াল এতিয়া ক’ত ?

ঘটনাটো আছিল ২০১৬ চনৰ ১৯ ছেপ্তেম্বৰৰ ৷ অবৈধ বসতিৰ ঘোষণাৰে কাজিৰঙাৰ বান্দৰডুবিত হৈছিল উচ্ছেদ ৷ উচ্ছেদিত হৈছিল প্ৰায় দুই শতাধিক পৰিয়াল ৷ ইয়াৰ মাজত আছিল ৭ ঘৰকৈ থলুৱা অসমীয়া পৰিয়ালো ৷ পিছে ক’ত এতিয়া এই সকল উচ্ছেদিত লোক ?

কলিয়াবৰ,28 ছেপ্তেম্বৰ: ২০১৬ চনত ১৯ ছেপ্তেম্বৰ ৷ উক্ত দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুলি দোহাই দি চৰকাৰে উচ্ছেদ কৰিছিল কাজিৰঙাৰ দক্ষিণ সীমাত থকা বান্দৰডুবিৰ ২৯৭ হেক্টৰ আৰু দেওচূৰৰ ১৬ হেক্টৰ ভূমিত । উচ্ছেদিত হৈছিল প্ৰায় ২০০তকৈ অধিক পৰিয়ালৰ বাসগৃহ ।

কাজিৰঙাত উচ্ছেদিত দুই শতাধিক পৰিয়াল এতিয়া ক’ত ?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত উক্ত অঞ্চলটো উচ্ছেদ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়লয়ে ২০১৬ চনৰ ১৩ মে'ত শুনানি দিছিল ৷ সেই শুনানি মতেই ২০১৬ চনৰ ১৯ ছেপ্তেম্বৰৰ দিনা কলিয়াবৰ ৰাজহ চক্ৰই উচ্ছেদ কৰিছিল ৩১৩ হেক্টৰ ভূমিৰ উক্ত অঞ্চলটো । সেই উচ্ছেদ অভিযানত ৭ ঘৰকৈ থলুৱা অসমীয়া মানুহো উচ্ছেদ হ’ব লগা হৈছিল ।

কিন্তু অবৈধ নাগৰিক তথা বেদখলকাৰীৰ কবলৰ পৰা উক্ত অঞ্চলটো বেদখমুক্ত কৰিছিল যদিও উচ্ছেদিত লোকসকল ডিটেনছন কেম্পলৈ নিয়া দেখা পোৱা নগ'ল ।

লগতে পঢ়ক: গুলাবৰ পিছতে আন এক ঘূৰ্ণীবতাহে চুই যাব বংগোপ সাগৰ

ইয়াৰ পৰিৱৰ্তে এই লোকসকল আজিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে কাৰ্বি পাহাৰৰ দিশে ঘৰ সাজি থকা হ'ল । আনহাতে, থলুৱা পৰিয়াল কেইটাৰ দুটা পৰিয়ালে পুনৰ কাৰ্বি পাহাৰৰ দিশে ঘৰ সজাৰ পৰিৱৰ্তে পাঁচটাকৈ পৰিয়ালে সেই স্থান ত্যাগ কৰি বোকাঘাট, তেজপুৰ আৰু গুৱাহাটীলৈ উঠি যায় । কিন্তু অবৈধ বুলি ঘোষণা কৰা লোকসকলক কি কাৰণত আজিও ডিটেনছন কেম্প বা অন্য ব্যৱস্থা গ্ৰহণ নকৰিলে সেয়া ৰহস্যৰ বিষয় ।

উচ্ছেদিত বহু লোকে আজি পৰ্যন্ত নাপালে কোনো ক্ষতিপূৰণ । অভিযোগ উঠিছে, চৰকাৰৰ পৰিকল্পনাবিহীন অবিবেচক সিদ্ধান্তৰ বাবেই আজিও বিপদত উচ্ছেদিত লোকসকল । উল্লেখ্য যে, ছটাকৈ সংযোজনৰ পাচত সপ্তম সংযোজনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে আনুষ্ঠানিকভাৱে সংযোজিত হৈছে কলিয়াবৰ মহকুমাৰ বাগৰি বনাঞ্চলৰ বান্দৰডুবি এলেকাৰ ৩১৩ হেক্টৰ ভূমি ৷ ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই বান্দৰডুবিৰ এই উচ্ছেদিত স্থানত চলিত মাহতে মুকলি কৰিছে এটা আঞ্চলিক বন কাৰ্যালয় ৷

লগতে পঢ়ক: ধেমাজিত কেবিনেট বৈঠকক লৈ তুংগত উঠিছে আৰক্ষী-প্ৰশাসনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.