ETV Bharat / state

কলিয়াবৰত এমহীয়া হাতী পোৱালি উদ্ধাৰ

author img

By

Published : Feb 9, 2021, 9:49 PM IST

কলিয়াবৰত উদ্ধাৰ এমহীয়া হাতী পোৱালি ৷ কলিয়াবৰৰ চিকনি চাহ বাগিচাত পাহাৰৰ নামনিত প্ৰকাণ্ড শিলৰ মাজত আবদ্ধ হাতী পোৱালিটো স্থানীয় লোকৰ সহযোগত জখলাবন্ধা আৰু শিলঘাটৰ বন বিভাগে উদ্ধাৰ কৰে ।

কলিয়াবৰত উদ্ধাৰ এমহীয়া হাতী পোৱালি
কলিয়াবৰত উদ্ধাৰ এমহীয়া হাতী পোৱালি

কলিয়াবৰ,৯ ফেব্ৰুৱাৰী: কলিয়াবৰত মঙলবাৰে উদ্ধাৰ কৰা হয় এটি বনৰীয়া হাতী পোৱালি । খাদ্য়ৰ সন্ধানত ওলাই অহা হাতীৰ পোৱালিটো এটা শিলৰ ফাঁকত আৱদ্ধ হৈ আছিল । কলিয়াবৰৰ চিকনি চাহ বাগিচাত পাহাৰৰ নামনিত প্ৰকাণ্ড শিলৰ মাজত আবদ্ধ হাতী পোৱালিটো স্থানীয় লোকৰ সহযোগত জখলাবন্ধা আৰু শিলঘাটৰ বন বিভাগে উদ্ধাৰ কৰে ।

কলিয়াবৰত উদ্ধাৰ এমহীয়া হাতী পোৱালি
কলিয়াবৰত উদ্ধাৰ এমহীয়া হাতী পোৱালি

স্থানীয় লোকৰ মতে খাদ্য় সন্ধানত মাকৰ লগত ওলাই অহা পোৱালিটো পথ হেৰুৱাই শিলৰ মাজত আৱদ্ধ হৈছিল । উদ্ধাৰ কৰা হাতী পোৱালিটো সামান্য় আঘাট প্ৰাপ্ত আছিল যাৰ বাবে হাতী পোৱালিটো জখলাবন্ধা খণ্ড বন বিভাগৰ কাৰ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যোৱা হৈছে । পোৱালিটোৰ বয়স প্ৰায় এমাহ হ'ব বুলি বন বিভাগে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:দক্ষিণ শালমাৰাত আশা কৰ্মীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.