ETV Bharat / state

অন্ধকাৰত ডুব গৈছে নগাঁৱবাসী

author img

By

Published : Sep 18, 2020, 6:12 PM IST

চামগুৰিৰ শক্তি বিভাগৰ উপ-কেন্দ্ৰৰ এটা মেগা ট্ৰাঞ্চফৰ্মাৰত বৃহস্পতিবাৰে পুৱা সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ পিছত ব্যাহত হৈ পৰে বিদ্যুৎ যোগান ৷ ফলত জিলাখনৰ অধিকাংশ অঞ্চলৰ লোকে এটা নিশা পাৰ কৰিবলগীয়া হয় অন্ধকাৰত ৷ সম্প্ৰতি ট্ৰাঞ্চফৰ্মাৰটো মেৰামতিৰ কাম অব্যাহত আছে ৷

electricity problem after massive fire in nagaon assam etv bharat news
অন্ধকাৰত ডুব গৈছে নগাঁৱবাসী

নগাঁও,18 ছেপ্তেম্বৰ: চৰম বিদ্যুৎ সংকটৰ দিশে নগাঁও জিলা ৷ চামগুৰিৰ শক্তি বিভাগৰ উপ-কেন্দ্ৰৰ এটা মেগা ট্ৰাঞ্চফৰ্মাৰত বৃহস্পতিবাৰে পুৱা সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ পিছত ব্যাহত হৈ পৰে বিদ্যুৎ যোগান ৷ ফলত জিলাখনৰ অধিকাংশ অঞ্চলৰ লোকে এটা নিশা পাৰ কৰিবলগীয়া হয় অন্ধকাৰত ৷ ধ্বংসস্তুপত পৰিণত হোৱা ২৫ মেগা ভ’ল্ট এম্পিয়াৰৰ উক্ত ট্ৰাঞ্চফৰ্মাৰটো মেৰামতি কৰি পুনৰ বিদ্যুৎ পৰিবহন সূচল কৰিবলৈ অহৰহ কামত নিয়োজিত হৈ পৰিছে অভিযন্তা-কৰ্মী সহিতে প্ৰায় অৰ্ধ শতাধিক বিভাগীয় লোক ৷

অন্ধকাৰত ডুব গৈছে নগাঁৱবাসী

বিধ্বংসী অগ্নিকাণ্ডটোৰ ফলত ট্ৰাঞ্চফৰ্মাৰটোৰ সৈতে সংলগ্ন আণ্ডাৰ গ্ৰাউণ্ড কণ্ট্ৰল তাঁৰসমূহ জ্বলি যোৱাত অধিক সময়ৰ প্ৰয়োজন হৈছে সেয়া মেৰামতি কৰাবলৈ ৷ এই সকলো কাম পৰৱৰ্তী তিনি-চাৰিদিনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰা হৈছে ৷ কাম সম্পূৰ্ণ হ’লেও জিলাখনত লোড শ্বেডিং অব্যাহত থাকিব বুলি জনাইছে বিভাগটোৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে ৷ লগতে এই মেৰামতি কাৰ্যত সহযোগিতা আগবঢ়াবলৈ ৰাইজক আহ্বান জনাইছে বিভাগটোৰ বিষয়াসকলে ৷

লগতে চাওকঃ ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা দিবলৈ সাজু ৰাজ্য চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.