ETV Bharat / state

কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেশৱ কন্যা

author img

By

Published : Mar 21, 2021, 1:13 PM IST

কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেশৱ কন্যা
কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেশৱ কন্যা

কলিয়াবৰত কেশৱ কন্যা পিতৃৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৷ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ জ্যেষ্ঠ কন্যাই সহযোগীক লগত লৈ ঘৰে-ঘৰে গৈ জ্যেষ্ঠ সকলক গামোচাৰে আদৰি পিতৃৰ বাবে ভোট প্ৰাৰ্থনা কৰিলে দিবিশা মহন্তই ৷

কলিয়াবৰ, 21মাৰ্চ: ৰাজ্যত প্ৰথম পৰ্য‍ায়ৰ নিৰ্বাচনী প্ৰচাৰ এতিয়া চুড়ান্ত শিখৰত ৷ ‍ব্যতিক্ৰম নহয় কলিয়াবৰো । নতুন চমকেৰে ভোটাৰ ৰাইজৰ মন জয় কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে ৰাজনৈতিক নেতা সকলে ৷ এইবেলি কলিয়াবৰত কেশৱ মহন্তৰ কন্যাক দেখা গৈছে নিৰ্বাচনী প্ৰচাৰ চলোৱাত ।

কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেশৱ কন্যা

শনিবাৰে ৮৯ নং কলিয়াবৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থী কেশৱ মহন্তই পদযাত্ৰাৰে মধ্য কলিয়াবৰৰ কুঁৱৰীটোল-হাটবৰ অঞ্চলত গাঁৱে-গাঁৱে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে কলিয়াবৰৰ কুঠৰী অঞ্চলত মহন্তৰ জ্যেষ্ঠ কন্যা দিবিশাও ব্যস্ত থাকিল পিতৃৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ।

কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেশৱ কন্যা
কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেশৱ কন্যা

অগপ দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তও নিৰ্বাচনী বতৰত সীমাহীন ব্যস্ততা । কেৱল নিজ সমষ্টিয়েই নহয়, দল তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাবেও সময় উলিয়াই ঢপলিয়াবলগীয়া হৈছে ইটোৰ পৰা সিটো সমষ্টিলৈ । সেয়ে পিতৃক কিছু পৰিমাণে সকাহ দিয়াৰ লক্ষ্যৰে আগবাঢ়ি আহিছে কেশৱ মহন্তৰ জীয়ৰী দিবিশা । কলিয়াবৰ সমষ্টিৰ কুঠৰী অঞ্চলত ভোটাৰ ৰাইজৰ পদুলিয়ে-পদুলিয়ে জ্যেষ্ঠ জনক গামোচা পিন্ধাই পিতৃক সমাগত ভোট যুদ্ধত বিজয়ী কৰিবলৈ আহ্বান জনায় কেশৱ মহন্তৰ কন্যাই ।

কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেশৱ কন্যা
কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেশৱ কন্যা

লগতে পঢ়ক: কলিয়াবৰত কংগ্ৰেছৰ ভেটিত ব্যাপক খহনীয়া:দলত পদত্যাগৰ জোৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.